বি:দ্র:


সন্ধিয়াৰ স্নিগ্ধতাখিনিতে আজিও তোমালৈ গাঁঠি দিলোঁ
এখন আধৰুৱা চিঠি
নীলাভ অনুভৱবোৰ সানি ল’বানে
অভিমানে গৰকা হিয়াত?
উত্তৰ দিবলৈ মন গ’লে
শব্দৰ বৰষুণজাকক সৰি পৰিব দিবা
তৃষার্ত কঁহুৱানিডৰাত
অপেক্ষাৰ বুলনিত এতিয়াও আৱদ্ধ হৈ আছে
এচিকুট কম্পমান জোনাক....