অনুভৱবোৰক সোধা নহয়
মুর্হূত্ত কিছুমানক সাঙুৰি
হিয়াত আঁক খাই ৰোৱা ভাললগাখিনি
কেতিয়াও কিয় মোহাৰ খাই নাযায়
এয়া কিজানি দুৰন্ত হেঁপাহবিলাকৰে কৌশল
অতবোৰ বিশৃংখল আলাপৰ তীব্রতাৰ মাজতো
কিছু মুকতা যেন ক্ষণ যে আজিও পাহৰণি নহ’ল
গতিশীল সময়বোৰৰ সিপাৰেও ৰৈ থাকে
এআকাশ নীলাৰ প্রতিশ্রুতিসনা
কিছু সেউজীয়া সময়
কেতিয়াবা স্বপ্নাতুৰ হ’ব খুজিলেই সেয়ে
বাৰে বাৰে একেবোৰ কথাকে জুকিয়াই লঁও
পৃষ্ঠাবোৰ লুটিয়াই ল’লেই নোহোৱা হয়
ছন্দহীনতাৰ কঠোৰ ডাৱৰ
ক’ৰবাত যেন এখন বিলাসী হৃদয়
ক’ৰবাত এটা পূৰঠকৈ ধুনীয়া মন
বাটবোৰ ধুনীয়া হৈ পৰে
লঠঙা উশাহবোৰত জীৱনৰ সোৱাদ সৰে
কঙাল দিনবোৰৰ পৰিশেষত যেতিয়া মনটোৱে কেনেবাকৈ
একেবোৰ স্মৃতিৰে আঁতবোৰ
বাৰে বাৰে হেঁপাহেৰে বিচাৰে ।।