মই সাগৰিকা
“তাৰমানে তই যাবি?”- চাৰিআলিটো পোৱাৰ ঠিক
আগে আগে সাগৰিকাই মোক সুধিলে।
“অ’, মই ডিছিজন ল’লো।“-উত্তৰ দিয়াৰ প্রয়োজনবোধ কৰা নাছিলোঁ যদিও লাহেকৈ ক’লো।
মোলৈ বেঁকাকৈ চাই সাগৰিকাই আকৌ সন্মুখৰ
ৰাষ্টাটোলৈ চকু দি খোজ দিবলৈ ধৰিলে। আজি শনিবাৰ বাবে বাটৰ কাষৰ ডাঙৰ শনি মন্দিৰটোত
বিৰাট ভীৰ হৈছে। বাটৰ দুয়োকাষে ভিখাৰীৰ লানি। খালি ধূপৰ পেকেট, কলৰ বাকলি, লেৰেলি
যোৱা ফুল-বেলপাত আদিৰে বাটছোৱা লেতেৰা হৈ আছে। সেইবোৰত খোজ নপৰিবৰ বাবে সাৱধানে
খোজ দিছোঁ। এনেতে হঠাৎ মোৰ দোপাত্তাখনত এটা টান পৰাত ৰৈ গ’লো। ঘূৰি চাই দেখো কণমান
এটা ল’ৰা।
“দিদি পইছা দিয়কনা।“, সেঁতা পৰা মুখখনেৰে
ল’ৰাটোৱে কৈ উঠিল।
“মোৰ পইছা নাই মাইনা। এই বাজনীয়ে দিব। তাইৰ
বহুত পইছা আছে।“,ক’ব নোৱাৰাকৈয়ে মুখেৰে চিৰ চিনাকী বাক্যটি ওলাই আহিল মোৰ। ব্যস্ত
বাটটোত ল’ৰাটো থৰ লাগিল। বাটে-ঘাটে ভিখাৰীয়ে আগুৰিলে মই ধেমালিতে সদায় সাগৰিকাক
এনেকৈ ফান্দত পেলাই ভালপাওঁ। আজি ইমান ছিৰিয়াছ সময়খিনিতো ধেমালি কৰাৰ সুবিধাটো
নেৰিলো বাবে নিজৰে হাঁহি উঠিল মোৰ। সাগৰিকাইও হা:হা:হা:কৈ হাঁহি বেগৰ পৰা পাঁচ টকা
এটা উলিয়াই ল’ৰাটোক সৰু ধমক এটা দিলে,”নেক্সট টাইম আকৌ পইছা খুজিলে মই তোক আমাৰ
ঘৰলৈ লৈ গৈ স্কুলত নাম লগাই দিম। গম পাবি তেতিয়া।“
টকাটো লৈ ল’ৰাটো লৰ মাৰি পলাল। ফুটপাথৰ
জীৱনত অভ্যস্ত ইহঁতবোৰৰ বেছিভাগেই স্কুললৈ যাব নিবিচাৰে। আমি আহি চাৰিআলিটো পালোঁ।
বাটটো পাৰ হ’বলৈ লৈ হাঁহি হাঁহিয়ে সাগৰিকাই মোৰ হাত এখন ধৰিলে। তাই সদায় ৰাষ্টা
পাৰ হ’বলৈ লওঁতে মোৰ হাতখন ধৰি লয়। যোৱা তিনিবছৰে এনেকৈয়ে আমি ৰাষ্টা পাৰ হৈছোঁ। কথাত
মছগুল হৈ প্রায়ে আমি সন্মুখৰ গাড়ী-মটৰ নোচোৱাকৈ পাৰ হওঁ কিন্তু সাগৰিকাই মোৰ হাতখন
ধৰিবলৈ নাপাহৰে।
“নাযাবি না।”-গাড়ী-মটৰবোৰত চকু থৈ ৰাষ্টাটো
পাৰ হওঁতে সাগৰিকাই আকৌ এবাৰ ক’লে। কওঁতে তাই মোৰ হাতখন জোৰকৈ মুঠি মাৰি ধৰিলে।
ইমানপৰে মই জোৰকৈ বান্ধি ৰখা মনটোৰ বান্ধটো এইবাৰ লাহেকৈ সুলকি পৰিল। আমি আহি বাটৰ
ইটো মূৰ পালোহি। এইখিনিৰ পৰাই আমি দুফালে যোৱাৰ কথা। তাই তাইৰ ঘৰলৈ আৰু মই মোৰ
ঘৰলৈ।
“যামগৈ নে সঁচায়ে?”- নিজকে মনে মনে সুধিলোঁ।
মোৰ মাজত উত্তৰ নাই। সৌৱা ট্রেফিক পইন্টটোৰ লাইটটো এবাৰ ৰঙা হৈ জ্বলিছে, এবাৰ
সেউজীয়া হৈ জ্বলিছে। মোৰ মনৰ মাজতো দুটা ৰঙৰ লাইট। পানীত উপঙা মনটোলৈ
এনেবোৰ সময়তে বৰকৈ খং উঠে। সদায় দুই নাৱত দুভৰি। ডিগ্রীটো লৈয়ে চাকৰিটো পাইছিলোঁ।
চেন্ট্রেলৰ চাকৰি। আকাশলৈ ধাৱমান সপোনৰ দুৰন্ত গতিত যটি চিহ্ন এটা দি চাকৰিত জইন
কৰিলোঁ। চৰকাৰি চাকৰিৰে জীৱনটো সুস্থিৰ কৰাৰ অকাট্য যুক্তিত
সপোনবোৰ বৰফ হৈ গৈছিল। সীমাত বান্ধ খাই পৰা আকাশখনত তৰাফুল সিঁচিবলৈ এজনী বান্ধৱী আহিল সাগৰিকাৰ ৰূপত। অফিচৰ ব্যস্ত
সময়বোৰৰ মাজতো আমি বন্ধু হ’লো, ইজনীয়ে সিজনীৰ দুখ বুজি পোৱা হ’লো, মায়ে টিফিনত
ভৰাই দিয়া এখন ৰুটিকে ভাগ কৰি খাব পৰা হ’লো। তাই মোৰ একান্ত ব্যক্তিগত দুখবোৰত মোৰ
সৈতে কান্দিলে, অফুৰন্ত সুখৰ মুহূর্তত মোৰ লগতে হাঁহিলে। বন্ধু-বান্ধৱী তথা
শুভাকাংশীয়ে আগুৰি থকা জীৱনটোত সাগৰিকা জিলিকি উঠিল তাইৰ নিজা বৈশিষ্ট্যখিনিৰে।
কর্মজীৱনৰ ফাঁকে ফাঁকে সপোনবোৰ আকৌ দেখিবলৈ
লৈছিলো সাগৰিকাৰ উৎসাহৰ বাবেই। সেই সপোনক বাস্তৱৰ ৰূপ দিবলৈকে পঢ়া-শুনাত আকৌ
মনোযোগ দিছিলোঁ একানপতীয়াকৈ, ঠিক সপোন দেখা সময়বোৰৰ দৰেই। সেয়ে কিজানি আজি বিদেশত পি.এইচ.ডি কৰাৰ আমন্ত্রণটো হাতত পৰিল। সপোন দিঠক হোৱাৰ ক্ষণটোত
মোতকৈ বেছি আনন্দিত হোৱা সেই সাগৰিকাই এতিয়া মোৰ হাতখনত ধৰি কৈছে-”নাযাবি না।“ অথচ
দিনত অফিচত মোৰ চাকৰিৰ ইস্তাফা পত্রখন মহা ধুমধামেৰে আজি তায়েই টাইপ কৰি দিছে।
“ব’ল আইচক্রীম খাওগৈ।“- সাগৰিকাৰ মাতত মোৰ
ভাৱত যটি পৰিল। মোক নুসোধাকৈয়ে তাই চিনাকী দাদাজনক ক’লে-“দাদা দুটা ব্লেক ফৰেষ্ট
দিয়ক।“
মোৰ প্রিয় আইচক্রীম। খাবলৈ লোৱাৰ আগতেই আমি
সদায় পইছা দি লওঁ তেতিয়া কথা পাতি পাতি আৰামত খাব পাৰি। মই মোৰ বেগৰ পৰা পুৰণি
পার্ছটো উলিয়ালো। এটা নীলা আৰু ৰঙা ৰঙৰ উৱলি যোৱা কণমান পার্ছ। ডাঙৰ নোট নধৰেই।
মোৰ ব্রেণ্ডেড বস্তু লোৱাৰ অভ্যাস আজিকালি কিন্তু তথাপিও এইটো পার্ছ এৰা নাই। প্রায়
পাঁচ বছৰমান আগতে গুৱাহাটীত পঢ়ি থকা অৱস্থাত মোৰ তেতিয়াৰ বেষ্টফ্রেণ্ড অময়াৰ লগত
কিনিছিলোঁ এইটো। তায়ো সর্ম্পূণ একেই অন্য এটা পার্ছ কিনিছিল। তেতিয়াৰ পৰা বেগত,
হাতত গর্বৰে এইটো লৈ ফুৰিছোঁ অময়া আৰু মোৰ বন্ধুত্বৰ চিনস্বৰূপে। এতিয়া দূৰৈত
থাকিও অহৰহ মোৰ খবৰ ৰখা অময়াক এনেকৈ মই বেগত ভৰাই লৈ ফুৰোঁ। সেই দিনবোৰৰ দৰেই তাই মোৰ লগতে ঘূৰি ফুৰা যেন
লাগে। পঢ়ি থকা দিনবোৰতে পল্লৱীয়েও মোক এপাত তামৰ খাৰু দিছিল। মই সেইপাত আজিও খুলিব
নোৱাৰিলোঁ বাওঁহাতখনৰ পৰা। পিন্ধি থকা দামী ঘড়ীবোৰৰ লগত সেইপাত নিমিলে বুলি আপত্তি
কৰি কৰি সাগৰিকাই অৱশেষত একো নোকোৱা হ’ল। মোৰ মনৰ প্রায়ভাগ কথাই তাই বুজি পোৱা হ’ল
আজিকালি।
পইছাখিনি দি আইচক্রীমৰ দোকানখনৰ পৰা আমি
ওলাই আহিলো ধীৰ গতিৰে। ইমান সময় মোলৈ একেথৰে চাই কিবা ভাবি থকা সাগৰিকাই এইবাৰ
ক’লে- “তই যাব পাৰ’ অ’। তোক মই আমাৰ বন্ধুত্ব ভঙাৰ ভয়তে ৰখাব নোৱাৰোঁ। তোৰ পুৰণি বান্ধৱীবিলাকক তই এনেকৈয়ে এৰি
আহিছিলি যদিও সিহঁত তোৰ জীৱনৰ পৰা এৰ খাই নগ’ল। তোৰ এই আওপুৰণি পার্ছটোত তোৰ
অময়াজনী আছে, হাতৰ খাৰুপাতত পল্লৱী আছে। ময়ো থাকিম বুলি মই
জানো। পিছে মোক ক’ত ৰাখিবি?”
মই ৰৈ গ’লো। সাগৰিকাই ইমানকৈ কথাবোৰ ভাবেনে?
মোক তেনেকৈয়ে এৰি তাই আইচক্রীমৰ দোকানখনলৈ উভটি গ’ল। দোকানীজনৰ পৰা টিছ্যু পেপাৰ
এখন খুজি তাই লিখিলে-“ মই সাগৰিকা” আৰু সেইখন মোৰ হাতত সজতনে দি ক’লে-“এতিয়া তোক
দিবলৈ মোৰ একো নাই। কিবা এটা মোৰ পছন্দৰ মতে দিয়ালৈ তই এইখন ৰাখ। এতিয়াহে মই তোক
যাবলৈ দিব পাৰিম।“
মই সেইখন হাত পাতি ল’লো। দুচকুত অযুত নির্বাক
প্রতিশ্রুতি। সাৱটি ধৰিলো তাইক বাটতে। তাৰপাছত আমি ঘৰাঘৰি হ’লো। তাই তাইৰ ঘৰলৈ আৰু
মই মোৰ ঘৰলৈ। ট্রেফিক পইণ্টটোত সেউজীয়া লাইটটো আকৌ এবাৰ জ্বলি উঠিছে। মই হাঁহি
দিলো। অময়া, পল্লৱীহঁতো একোজনী সাগৰিকাই আছিল যি মোৰ মন আকাশত আজিও তৰাফুল সিঁচে।
দুর্বল মনটো বহুদিনৰ মূৰত আকৌ কঁপি উঠিল। সাগৰিকাক ধৰি ৰাখিব পাৰিমনে “মই
সাগৰিকা”ৰ মাজত?
প্রার্থী.....
বেংকৰ চাকৰি এটাৰ লিখিত পৰীক্ষা এটাতে তাইক লগ পাইছিল সি।বগাকৈ ধুনীয়া ছোৱালীজনীয়ে তাৰ লগত একেখন বেঞ্চতে বহি পৰীক্ষা দিছিল।পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক আগলৈকে কিবা গাইডবুক এখনত অস্থিৰভাৱে চকু ফুৰাই থকা ছোৱালীজনীক বৰ মৰম লাগি গৈছিল তাৰ।“প্রথমবাৰ দিবা?”,ইতিমধ্যে কেইবাটাও এনে পৰীক্ষা দি প্রায় অভ্যস্ত হোৱা সি হাঁহি এটাৰে সুধিছিল তাইক।
“অঁ’ ”,সৰু উত্তৰ এটা আহিছিল।
সেইদিনা বিকাশৰ পৰীক্ষা ভাল হৈছিল। তিনিবছৰ আগতে বিশ্ববিদ্যালয়ৰ পৰা শেষ পৰীক্ষাটো দি ওলাই আহি ভুলটো আৰু একো পৰীক্ষাত নবহো বুলি পণ কৰা বিকাশৰ বুকুত আশা এটাই পোহৰ অকণ বিলায়। এইবাৰ সি কিজানি চাকৰি এটা পাই যাব। কলমটো আৰু এডমিট কার্ডখন পকেটত ভৰাই সি তাইক সুধিছিল,”কেনে হ’ল?”।
“নাজানো কি হ’ল।দেউতাই দিব কোৱা বাবেহে দি চালোঁ।কি বা হয়।”, অকণমান হাঁহি কৈছিল তাই।গুলপীয়া দোপাত্তাখন ঠিক-ঠাক কৰি তাই যাব লৈছিল।
“যোৱা তেন্তে।”,সি কোৱা কথাষাৰ নুশুনাকৈয়ে তাই ওলাই গৈছিল আৰু তাৰ মুগ্ধ দৃষ্টিক আওকাণ কৰি সন্মুখৰ চিনাকী ৰাজপথত লাহে লাহে হেৰাই গৈছিল অচিনাকী ছোৱালীজনীৰ গুলপীয়া দোপাত্তাখন।
তাৰপাছৰ দিনকেইটা বিকাশে দি অহা পৰীক্ষাটোৰ ৰিজাল্টৰ অপেক্ষাত কটালে।দৈনন্দিন কামবোৰৰ আড়স্ততাৰ মাজে মাজেও তাৰ মনলৈ সেইদিনা দেখা ছোৱালীজনীৰ ধুনীয়া মুখখন আহি থাকিল।ক’ৰ ছোৱালী,কাৰ ছোৱালী,কি পঢ়ি আছে,তাতকৈ কিমান সৰু ইত্যাদি এশ এটা প্রশ্নৰ মাজত নিজকে আৱদ্ধ কৰি কৰি সি কিবা অজানা সুখত মজি থাকিল। “দোস্ত,তই অচিনাকী ছোৱালীজনীৰ প্রেমত পৰিলি।নিজক চম্ভালি ল।এইবোৰ ছোৱালী আমাৰ দৰে বেকাৰৰ ভাগ্যত নাই।“,তাৰ অৱস্থা দেখি লগৰ অংকুৰে কয়।বিকাশে একো ক’ব নোৱাৰা হয়।কোঁৱাৰ উপায় নাথাকে।অংকত চোকা বুলি বন্ধুমহলত খ্যাত বিকাশৰ হিচাপবোৰ নিমিলে।
বিশ দিনমানৰ পাছত বিকাশলৈ এটা ই-মেইল আহিল।বেংকৰ লিখিত পৰীক্ষাটোত সি পাছ কৰিছে।এতিয়া এসপ্তাহ পাছত হ’বলগীয়া মৌখিক সাক্ষাৎকাৰলৈ তাক বাছনি কৰা হৈছে।আনন্দত যেন সি নাচিহে উঠিব তেনে লাগিল বিকাশৰ।কিজানি এইবাৰ সি চাকৰিটো পাই যাব।
“সাক্ষাৎকাৰটোহে,পাৰিব সি।“,মনে মনে সি ভাবিলে। বিকাশৰ অংকুৰহঁতক কৈ দিব মন গ’ল,” চাকৰিটো যদি পাই যাওঁ তাইক বিচাৰি উলিয়াই কৈ দিম ভালপাওঁ বুলি।ভাল ঘৰৰ শিক্ষিত আৰু ভাল লৰা মই।চাকৰি এটা হোৱাৰ পাছত তাই মোক বিয়া নকৰোৱাৰ কথাই নাই।“
সাক্ষাৎকাৰৰ দিনা বেংকৰ অফিচত উপস্থিত হৈ বিকাশৰ চিন্তিত মুখখনেৰে আনন্দৰ ঢৌ এটি বাগৰি গ’ল।সেয়া তাৰপৰা অকণমান আতৰৰ চকী এখনত তাই বহি আছে।তাই মানে, ইমানদিনে তাৰ মন আৰু মগজু আছন্ন কৰি থোৱা সেই অচিনাকী ছোৱালীজনী।“তুমি কম নোহোৱা দেই।এদিনৰ দেখাতে মোৰ মনটোতো কাঢ়িলাই,এতিয়া দেখিছো বেংকৰ চাকৰিও লৈহে তত্ পাবা।“,বিকাশে মনতেই যেন তাইক ক’লে।
তাইলৈ চাই থাকোতেই তাৰ তাইৰ চকুৱে চকুৱে পৰিল।কবিতা কবিতা যেন লগা এযোৰ ধুনীয়া চকুৰ অধিকাৰী তাই।নিজে ক’ব নোৱাৰাকৈইয়ে সি আগবাঢ়ি গৈ তাইক মাত লগালে,”হাই!চিনি পাইছা মোক?তোমাৰ লগত একেলগে এইটো বেংকৰ পৰীক্ষা দিছিলো।“
হঠাৎ গৈ এনেদৰে তাইক মতা বাবে অলপ উচপ্ খোৱাৰ দৰে হৈ তাই প্রথমে অলপপৰ একো ক’ব নোৱাৰিলে।তাৰপাছত ধুনীয়া চকু দুটি নচুৱাই তাই কৈ উঠিল,”অ’ মনত পৰিছে।আপোনাক দেখি চিনি পোৱা নাছিলো।বহুত দিন হ’ল যে,পাহৰিয়ে থাকিলো।এতিয়া মনত পৰিছে। ইমান ভাল সংযোগ নহয়নে?একেলগে পৰীক্ষা দিয়াৰ পাছত এতিয়া একেলগে মৌখিক সাক্ষাৎকাৰ দিব আহিছোঁ।এতিয়া আমি দুয়ো চাকৰিটোও পাই গ’লে আৰু ভাল হ’ব নহয়নে?“তাই হাঁহি হাঁহি ক’লে।হাঁহিলে তাইক ধুনীয়া দেখি।
“তোমাক এনেদৰে আকৌ লগ পাম বুলি ভবাই নাছিলোঁ।সেইদিনাটো পাছ কৰিলো, আজি বা কি হয়।“মনৰ মাজত ঢৌ খেলিব ধৰা প্রেমৰ সাগৰখনক কোনোমতে চম্ভালি বিকাশে ক’লে।
দুয়ো দুই এটা কথা পাতিলে।তাই কথাই কথাই হাঁহে।বিকাশে মন কৰিলে। বিকাশ যেন আকৌ এবাৰ তাইৰ প্রেমত পৰিল। কিছু সময় পাছত বিকাশৰ সাক্ষাৎকাৰৰ পাল পৰিল।তাৰ মৌখিক সাক্ষাৎকাৰটো খুব ভাল হ’ল।ছোৱালীজনীক আকৌ এবাৰ লগ পোৱাৰ আনন্দতে সি মুকলি মনেৰে সকলো প্রশ্নৰ উত্তৰ দি গ’ল।অৱশেষত এজন সাক্ষ্যাৎগ্রহণকাৰীয়ে নিজৰ মনৰ ভাৱ লুকুৱাব নোৱাৰি কৈয়ে পেলালে,”তোমাক আমাৰ প্রতিস্থানৰ কর্মী হিচাপে পাই খুব ভাল লাগিব।আমাক জইন্ কৰিবলৈ সাজু হোৱা।“নিজৰ ভাগ্যখনকে অবিশ্বাস কৰিব যেন লাগিল বিকাশৰ। তাৰ ভাগ্যোদয়ৰ কথা যেন একে উশাহতে ছোৱালীজনীক কৈ দিব এনে এটি ভাৱত বিকাশ হাঁহি মনেৰে বাহিৰলৈ ওলাই আহিল।ওলাই আহি সি দেখিলে ছোৱালীজনীৰ কাষত অলপ আগতে সি বহি থকা ছিটটোত অন্য লৰা এটা বহি আছে।
বিকাশক দেখি তাই হাত বাউল দি তাক মাতিলে।“কেনে হ’ল ইন্টাৰভিউ?”,তাই সুধিলে।
“ভাল হৈছে।চাকৰিটো পাম যেন লাগিছে।এওঁ কোন?” অলপ আগৰ উৎসাহটোৰ কথা পাহৰি বিকাশে তাইক সুধিলে।
“বঢ়িয়া কথা।অ’ এওঁ অনিল কাকতি।অহা মাহত এওঁৰ সৈতে মোৰ বিয়া।আজি পুৱা মোক ইয়াত থৈ তেওঁ কিবা কাম এটা কৰি আহিল।সেয়ে আপুনি লগ পোৱা নাছিল।“,তাই ক’লে।
ল’ৰাজনে বিকাশলৈ নিজৰ সোঁহাতখন আগবঢ়াই দিলে।বিকাশৰ মূৰত যেন আকাশখনহে সৰি পৰিল।কি কৰিব কি নকৰিব একো ধৰিব নোৱাৰি সি অকণমান সময় ঠৰ লাগি ছোৱালীজনী আৰু তাইৰ কাষত বহি থকা ল’ৰাজনলৈ চাই থাকিল।চাকৰিটোৰ আকাংশাৰ লগতে সি ইমানদিনে বুকুত কাঁচৰ ঘৰ এটাহে যেন সাজি আছিল।এতিয়া তালৈ হাঁহিমুখে সোঁহাতখন আগবঢ়াই ৰৈ থকা ল’ৰাজনে সেই কাঁচৰ ঘৰটো এফালৰ পৰা ভাঙি নিব।বিকাশৰ বুকুখন বিষাই উঠিল।সি ল’ৰাজনলৈ তাৰ সোঁহাতখন আগবঢ়াই নিদিলে। কাৰোফালে নোচোঁৱাকৈ খৰ গতিৰে বিকাশ তাৰ পৰা ওলাই আহিল। বাহিৰৰ আলিবাটত খোজ পেলাইহে সি উশাহ ল’ব পাৰিলে।অংকত চোকা বিকাশৰ সকলো হিচাপ খেলিমেলি হৈ থাকিল।
______________________________________________________________________________________
জেতুকা
“উস”,পিঠিখনত বেঁকা ধেনুভেৰীয়া ভাঁজ এটা দি তৰাই অস্ফুট স্বৰেৰে উচ্চাৰিলে।গলধনৰ তলতে তাইৰ পাতল ফ্রকটোৰ ওপৰেৰে কিবা এটাই কামুৰিলে তাইক।সেই কামোৰাখিনিতে পিৰপিৰণি এটা উঠি অথনিৰে পৰা তাইক আমনি কৰি আছে।বাৰান্দাৰ পকিখিনিতে মেলি লোৱা বিহু বিশেষ সংখ্যাৰ আলোচনীখন আগত লৈ তাই উচপিচাই আছে।কামোৰা ঠাইখিনি পিহি বা খজুৱাই দিবলৈ দুপৰীয়াৰ এই সময়খিনিত ঘৰখনত কোনো সাৰে নাই।গৰুবিহুৰ পুৱাৰ সময়খিনিৰ বিশেষ ব্যস্ততাৰ পাছত মাক-দেউতাক আৰু বায়েক এতিয়া নিজ নিজ বিচনাত ভাত-ঘুমটিত লালকাল।কিবা এটা পঢ়াৰ সময়ত তাইৰ গা-মূৰ পিহি খং তোলাই থকা আইতাকজনীও আজি নাই।বিহু বুলি তেঁও পৰহিয়ে গাৱত থকা বৰদেউতাকহঁতৰ ঘৰলৈ গ’ল। মূৰৰ পিছফালে একেলগ কৰি বান্ধি থোৱা চুলিখিনি ইফালে সিফালে জোকাৰি তাই পিৰপিৰণিটো আতৰাবলৈ চালে।কিন্তু ওখকৈ বান্ধি থোৱা চুলিখিনিয়ে তাইৰ গলধনৰ সেই বিশেষ আক্রান্ত এলেকাটো ঢুকি নাপাইহে নাপায়।উপায়ন্তৰ হৈ তাই শুই থকা মাকক জগাবলৈ উঠি গ’ল।
“অ’ই পাগলী!মই অহা দেখি পলাইছ?ৰহ তোক!“,পিছফালৰ পৰা চিনাকী মাত শুনি তৰাই মুখ উন্দোলাই ঘুৰি চালে।চোতালত সেয়া কাষৰ ঘৰৰে মহিম।তাইতকৈ তিনিবছৰে ডাঙৰ মহিম তাইৰ বায়েকৰ লগৰ যদিও তৰাই সৰুৰে পৰা বায়েকক মতাৰ দৰেই তাকো নাম কাঢ়িয়ে মাতে।
“আৰে মুখ ফুলাই আছ’ কিয়?আৰু হাতত সেইবোৰ কি?”,মহিমে কৈ কৈ বাৰান্দাত উঠিল। সি তৰাৰ কাষ চাপি আহি হাত দুখনলৈ ভালকৈ চালে।“ৱাহ!তৰাৰ গাত বিহু লাগিছে তেন্তে।মই ভাবিছিলো তোৰ কেতিয়াও এইবোৰ ভাল কামলৈ আহৰি নোলাবই।পিছে হাতত জেতুকা লগাই ক’ৰ বিহুতলীত নাচিবলৈ যাবি তই?”,সি মুখত হাঁহি এটা সানি কৈ উঠিল।
“জেতুকা লগালে বিহু নাচিব লাগে নেকি?মইচোন প্রত্যেক বছৰেই জেতুকা লগাওঁ দুহাতত।“,তৰাই কৈ কৈ বাৰান্দাৰ মজিয়াত মেলি লোৱা আলোচনীখন সামৰাত লাগিল।জেতুকা লগা হাতেৰে সামৰিবলৈ লোৱাত আলোচনীখনৰ কোণ এটাত দাগ এটা লাগিল আৰু ঠিক সেইখিনি সময়তে মহিমৰ আগমনত পাহৰি পেলোৱা তাইৰ গলধনৰ পিৰপিৰণিটোও হঠাৎ সাৰ পাই উঠিল।
“অহ!”,তৰাৰ মুখেৰে অজানিতে শব্দটো ওলাই আহিল।
“দে সেইখন মই থৈ দিওঁ।তোৰ আঙুলিৰ মূৰৰ জেতুকাখিনি এৰ খাই যাব।এইবোৰ লগালে কাম-বন নকৰি বহি থাকিব লাগে।“,মহিমে মজিয়াৰ পৰা আলোচনীখন বুটলি কাষৰে টুলখনত থৈ বিজ্ঞ মানুহৰ দৰে কৈ উঠিল।গৰু বিহুৰ দুপৰীয়াটোত সৰুৰে পৰা দেখি থকা তাৰ ভাললগা এই ছোৱালীজনীক পিহি লোৱা জেতুকাৰে দুহাত বুলাই লোৱা অৱস্থাত দেখি তাৰ মনটো এনেই ভাল লাগি গৈছে ।অনবৰতে কিতাপৰ মাজত সোমাই থাকি ভালপোৱা আৰু মানুহৰ আগত মাত নোলোৱা তৰাক অলপপৰ অকলে লগ পাবলৈকে সি এই অসময়ত সিহঁতৰ ঘৰলৈ আহিছে।শৈশৱৰে পৰা মুকলিকৈ আহ-যাহ কৰা এই ঘৰখনৰ আৰু তৰাৰ দৈনন্দিন ৰুটিনখন মহিমৰ চিনাকী।
“জেতুকা লগাই এতিয়া মোৰ কি বিপদ হৈছে তই কি জানিবি?মই বীণাক মাতি দিওঁ ৰহ।তই বহ।“,এইবুলি কৈ পিঠিখনত আকৌ এটা অদ্ভুত ভাঁজ দি তৰাই শুই থকা বায়েকক মাতিবলৈ সিহঁতৰ কোঠালৈ খোজ দিলে।
“ৰহ এতিয়া নালাগে মাতিব।মই আছোঁ অলপ সময়।তাই আমাৰ মাত শুনি উঠিবই অলপ পাছত।তই ক’ কি এনে বিশেষ আসুবিধা হৈছে জেতুকা লগাই তোৰ?মই তোৰ অসুবিধা পলকতে নোহোৱা কৰি দিম।তই হাতত ধুনীয়া ৰং নুঠালৈকে অলপ ধৈর্য্য ধৰি ভালকৈ থাক। ”,তৰাৰ হাতৰ তলুৱাৰ জেতুকাৰ কাল্পনিক ৰংটোৰ কথা ভাবি নিজকে চফল ডেকা বুলি ফিতাহি মৰা ১৯ বছৰীয়া মহিমে ব্যস্ত হৈ কৈ উঠিল।
“তই নোৱাৰ’।মই মাৰ ওচৰৰ পৰা আহোঁ।“,এইবুলি কৈ তৰাই আকৌ ঘৰৰ ভিতৰলৈ খোজ ল’লে।
ভিতৰলৈ সোমাবলৈ লোৱা তৰাৰ খৰ খোজকেইটা দেখি মহিমে ক’ব নোৱাৰাকৈয়ে এইবাৰ তাইতকৈ খৰকৈ গৈ তাইক দুৱাৰমুখতে আগভেটি ধৰিলে।তৰা ৰৈ গ’ল।বাৰান্দাৰ সিপাৰৰ আমজোপাৰ তলেৰে ফুৰফুৰীয়া বতাহ এজাক বৈ আহিছে।সেই বতাহত সিহঁত দুয়োৰে মাজৰ দুৱাৰদলিৰ আধাকৈ কোঁচাই থোৱা পর্দাখন দুলিব ধৰিছে।তৰাৰ মুখৰ ৰংখিনি পদূলিৰ নাহৰজোপাৰ কুঁহিপাতকেইখিলাৰ ৰঙৰ লগত পলকতে একে হৈ গ’ল।
“কি কৰিছ?যাব দে মোক।“,তৰাই কোনোমতে কৈ উঠিল।এনে পৰিস্হিতি তাইৰ জীৱনত অভাৱনীয়।
বতাহত কঁপি থকা পর্দাখনে তৰাৰ জেতুকা লগোৱা হাতখন চুবলৈ এইবাৰ জোৰেৰে কঁপি উঠিল।তাৰ আগেয়েই পর্দাখন ধৰি মহিমে লাহেকৈ কৈ উঠিল,”মই কৈছিলো নহয় ৰ’বলৈ।অলপ ৰ’লে কি যায় তোৰ?”
অদূৰত কুলিজনীয়ে বিনাব লৈছে।মহিমৰ গাৰ পৰা সি নতুনকৈ লগাবলৈ আৰম্ভ কৰা পাৰফিউমৰ সুগন্ধ এটা ভাঁহি আহি তৰাৰ নাকত লাগিল।গোন্ধটো এতিয়াও অলপ অচিনাকী তাইৰ।তৰাই কেইটামান মূহুর্তৰ বাবে দুচকু জপাই দিলে।পুনৰ চকু মেলোতেই তাই দেখিলে,মহিমে তাইৰ আগৰ পৰা আতৰি তাইৰ হাতত লাগিব নোৱাৰাকৈ দুৱাৰদলিৰ পর্দাখন ধৰি একাষে ৰৈ আছে।কেইটামান নিৰৱ মুহূর্ত পাৰ হৈ গ’ল আকৌ।
“বেয়া পাইছ’ মোক?”,মহিমৰ মাততো যেন সুদূৰৰ পৰা ভাঁহি আহিছে।
হঠাতে লাজকুৰীয়া তৰাজনীৰ মৃদু খং এটা উঠি আহিল মহিমলৈ। আজিকালি সি কিয় এনে কৰিবলৈ আৰম্ভ কৰিছে তাইৰ লগত তাই ভাবি নাপায়।এসপ্তাহমান আগতে কিবা কথা এটা লৈ সি খুব জোৰেৰে তাইৰ হাত এখন ধৰি লৈছিল।তাই টনা-আজোঁৰা কৰি থাকোতে দেউতাকে দেখা পোৱাত জীৱনত প্রথমবাৰলৈ কিবা এটাত ধৰা পৰি যোৱাৰ অনুভৱত তাই লাজত কোঁচ খাই গৈছিল সেইদিনা।
“ভিতৰত তোৰ কিবা দৰকাৰী কাম আছে বোধহয়।মই আছোঁ ইয়াতে।তই গৈ আহ।“,মহিমে লাহেকৈ ক’লে।
তৰাই কি কৰিব ভাবি নাপালে।সৰুৰে পৰা দেখি থকা এই চিৰ-চিনাকী ল’ৰাটোৰ আগত এতিয়া তাইৰ নিজকে অচিনাকী যেন লাগিছে।অদূৰৰ কুলি চৰাইজনীৰ মাতটো, বহাগ বহাগ গোন্ধোৱা নিজান দুপৰীয়াটো,তাইৰ হাতৰ আধা শুকান জেতুকাখিনিৰ পৰা নিগৰি অহা ভাললগা গোন্ধটো আৰু নিচেই কাষতে ৰৈ তাই কিবা এষাৰ কোৱালৈ অধীৰ হৈ পৰা এই ল’ৰাটোৰ ব্যগ্রতাখিনি সকলো যেন নতুন।অভুতপূর্ব...।
“চাঁও, তই দ্রয়িংৰুমতেঁ বহহি।মই মাক মাতোঁ চাহ কৰিবলৈ।বাহিৰত বৰ গৰম।“,নিৰৱতাখিনি ভাঙি অৱশেষত তৰাই সহজ হাঁহি এটাৰে ক’লে।
হাতৰ পর্দাখন একেভাগেই ধৰি মহিমে তাইক বাট এৰি দিলে। তৰাই মাক শুই থকা কোঠাটোলৈ খোজ দিলে।অলপ আগলৈকে তাইক আমনি দি থকা গলধনৰ তলৰ পিৰপিৰণিটো ইতিমধ্যে তাতে মাৰ গৈ ঠাইডোখৰ তাইৰ কেঁচা জেতুকা লগোৱা হাতদুখনৰ দৰেই চেঁচা পৰি যোৱা যেন লাগিল তৰাৰ।
২৫/০৩/২০১২
___________________________________________________________________________________
মেজিৰ ধোঁৱা
“মা দাদাই ফোন কৰিছিল?”,স্কুললৈ ওলাই খোৱা মেজত বহিয়ে কঁহুৱাই প্রথমে মাকক সুধিলে।
“অ’ কৰিছিল।বাবা বিহুত আহিব পাৰিব হেনো।মাজতে দেওবাৰটো মিলাই তিনিদিনৰ
বাবে আহিব। শুক্রবাৰে পুৱা আহি পাব আৰু দেওবাৰে ৰাতিৰ বাছত যাবগৈ।“
“শুক্রবাৰে?”,খোৱাবস্তু সোমাই থকা মুখখন মেলি কহুঁৱাই মাকৰ কথাৰ মাজতে
চিঞৰি উঠিল।কেলেণ্ডাৰখনলৈ চাই তাই হিচাপ এটা কৰিলে আৰু
হেপাঁহেৰে মাকক উদ্দেশ্যি ক’লে,”তোৰ দিন খতম বুজিছ?আৰু ছয় দিন পাছত তোক
কোনে পাত্তা দিয়ে?শুক্রবাৰ মানে মাঘবিহুৰ উৰুকা।মই যে ভাবিয়ে আছিলোঁ সি আহিব নোৱাৰিলে বিহুটো তামাম ব’ৰিং হ’ব বুলি।তিনিদিন খুব কম সময় বাৰু তথাপিও সি যে আহিব।মা তই চব সি ভালপোৱা বস্তু বনাবি দেই এইবাৰ।“,স্কুললৈ যাব ওলোৱাৰ ব্যস্ততাৰ মাজতেই কহুঁৱাই মাকক ক’লে।ককায়েক আহিব বুলি নিঃচিন্ত হোৱা বাতৰিটো তাইৰ বাবে পুৱাটোৰ ভাল খবৰ হৈ পৰিছে।
কহুঁৱাজনীৰ আনন্দখিনি দেখি মাকৰো মনটো ভাল লাগিল।ল’ৰা-ছোৱালীহালৰ মাজৰ
টান দেখি তেওঁৰ মনটো ভৰি উঠে।ক'মদিনৰ বাবে হ'লেও ল’ৰাটো এইবাৰ
বহুদিনৰ মূৰত ঘৰলৈ আহিব।যোৱাবাৰ বহাগ বিহুৰ সময়তে যি অহা।তাৰপাছত সি আহিবই পৰা নাই।উৎসৱবোৰত একমাত্র ল’ৰাটো নাহিলে কিবা ভাল নালাগে।চাকৰিসূত্রে আত্মীয়-স্বজনৰ পৰা দূৰৈত থাকিবলগীয়া হোৱা এই সৰু চহৰখনত
তেওঁলোকৰ সৰু পৰিয়ালটো মৃণ্ময় নাথাকিলে আৰু বেছি সৰু হৈ পৰে। ককায়েক মৃণ্ময় মেডিকেল পঢ়িবলৈ যোৱাৰে পৰা কহুঁৱাজনীও ঘৰখনত অকলশৰীয়া হৈ
পৰিছে।আগতে মৃণ্ময়ৰ লগত কোঠাত সোমাই ফুচফুচীয়া মেল মাৰি
থাকিছিল তাই। স্কুলৰ আৰু টিউচনৰ কিমান যে কথা থাকে তাইৰ ককায়েকক
ক’বলৈ।ককায়েকে কিবা এটা ক’লেও তাইৰ শুনাৰ সময় নাথাকে।নিজৰখিনিয়েই যে কৈ
শেষ নহয়।সিহঁতৰ সেইবোৰ মেলত বেছিভাগ সময় মাক অথবা দেউতাকৰ প্রৱেশ
নিষিদ্ধ।এতিয়া স্কুলৰ পৰা আহি পঢ়া-শুনা কামখিনি ঠিকমতে কৰি শেষ হোৱাৰ পাছৰ এনেই থকা সময়খিনিত অকলশৰীয়া কোঠাটোত তাইৰ কিবা অখজা লাগে।মৃণ্ময়ক দৈনন্দিন কথাবোৰ ক’বলৈ নাপাই তাইৰ মনটো খচখচাই থাকে।ককায়েক আহিব বুলি গম পাই কহুঁৱাৰ মনটোও সেয়ে আনন্দই নধৰা হৈছে।কিমানযে কথ আছে তাইৰ তাক ক’বলৈ।
“মাঘৰ বিহুটো এইবাৰ ভালকৈ পাতিব লাগিব।”,জপিয়াই চিৰিকেইটাৰে নামি ওলাই যোৱা কহুঁৱালৈ চাই চাই মাকে মনে মনে ভাবিলে।
বৃহস্পতিবাৰে পুৱা মৃণ্ময়ে আকৌ ঘৰলৈ ফোন কৰিলে।বুঢ়াপাহাৰ মাজত ৰাষ্ট্রীয়
ঘাইপথেৰে চলাচল কৰা নৈশ-বাছসমূহলৈ কোনো অস্ত্রধাৰীয়ে গুলিচালনা কৰা বাবে
এদিনৰ বাবে তিনিচুকীয়া আৰু গুৱাহাটীৰ মাজৰ নৈশ বাছৰ চলাচল বন্ধ কৰি দিয়া
হৈছে। গতিকে সি উৰুকাৰ দিনা অর্থাৎ শুক্রবাৰে পুৱাৰ বাছতহে ঘৰলৈ আহিব।দুৰাতি ঘৰত থাকি আকৌ
দেওবাৰে নিশাৰ বাছত গুৱাহাটীলৈ ঘূৰিব।সোমবাৰে হেনো তাৰ কিবা এখন দৰকাৰী
চেমিনাৰত যোগদান কৰিবলগীয়া আছে।
“এই উগ্রপন্থীবোৰৰ বেলেগ কাম নাই নেকি বাৰু?বিহুৰ সময়ত এইবোৰ গুলিয়াগুলি
কৰি কেনে জাতিপ্রেম দেখুৱাবলৈ আহিছে? এনেই দাদা ইমান কমদিনৰ বাবে
আহিব।তাতে আকৌ এটা বেলা নষ্ট কৰিলেই এইচবে?”,দেউতাকৰ মুখত কথাবোৰ শুনি
মাকক লাৰু বান্ধিবলৈ নাৰিকল এটা ৰুকি দিবলৈ লৈ কহুঁৱাই বিৰক্তিৰে ক’লে।
উৰুকাৰ নিশা জুইকুৰাৰ কাষত বহি কহুঁৱাৰ দেউতাকে পুনৰ হাতৰ ঘড়ীটোলৈ
চালে।নিশা ১০বাজি ৪১মিনিট গৈছে।মৃণ্ময় অহা বাছখন এতিয়ালৈ তিনিচুকীয়া
পোৱাহি নাই। গুৱাহাটীৰ পৰা আহোতে বাছখন ঠিক সময়তে আহিছিল।আবেলি ৪মান বজাত
বাছখন আহি ডিব্রুগড় পাওঁতে মৃণ্ময়ে ঘৰলৈ ফোন কৰি কৈছিলো যে আৰু এঘণ্টাৰ
পাছতে সি ঘৰ পাবহি।পিছে আধা ঘণ্টামানৰ পাছত আকৌ সি ফোন কৰি জনালে যে
চাবুৱাত কোনোবা যুৱক এজনক মিলিটেৰীয়ে বিনাদোষত বন্দী কৰি নিয়াৰ প্রতিবাদত
সমবেত ৰাইজে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি থৈছে ।কেতিয়া বাট মুকলি হ’ব একো
নিশ্চয়তা নাই।সেই তেতিয়াৰে পৰা এতিয়ালৈকে মৃণ্ময় অহা বাছখন চাবুৱাতে ৰৈ
আছে।এইফালে ঘৰত কহুঁৱাহঁতে চোতালত খৰিৰ জুইত উৰুকাৰ ভাত ৰান্ধি শেষ কৰি
ৰৈ আছে মৃণ্ময় আহি পোৱালৈ।আমনজিমন কৈ জুইৰ কাষত বহি থকা কহুঁৱা এসময়ত
ঠাণ্ডা লাগিছে বুলি ভিতৰলৈ উঠি গ’ল।
“দাদা আহিলে মাতি দিবি মোক।”,যোৱাৰ আগেয়ে তাই মাকক কৈ গ’ল।
কহুঁৱাক ভাত কেইটা খাই শুই থাক গৈ বুলি ক’বলৈ মাকৰ সাহস নহ’ল।তাই শুই
পৰাৰ দুঘণ্টাৰ পাছত অর্থাৎ নিশা ১বাজি৩০মিনিট যোৱাতহে মৃণ্ময় আহি ঘৰ
সোমাল।খৰিৰ জুইত হেপাঁহেৰে ৰন্ধা ভাত-আঞ্জাবোৰ আকৌ গেছ-ষ্টোভত গৰম কৰি
কহুঁৱাক নজগোৱাকৈয়ে মাক,দেউতাক আৰু ভাগৰুৱা মৃণ্ময়ে শেষ নিশা মাঘ বিহুৰ
উৰুকাৰ ভাতসাজ খালে।ইমান দেৰিকৈ ভাত খাবলৈ বুলি কহুঁৱাক জগাবলৈ
কাৰো সত নগ’ল।
“পাগলী নুঠ নেকি?ৰাইজে মেজি ফুৱাই শেষ কৰিলেই।”,শুই থকা কহুঁৱাজনীৰ গাত
ঠেলা এটা মাৰি মৃণ্ময়ে ক’লে।
“ঐ তই কেতিয়া আহিলি?ৰাতি নাহিলি নেকি?এতিয়াহে মাতিছ যে?মোৰ কাৰণে কি
আনিছ?”,একেলগে কেইবাটাও প্রশ্ন একেলগে কৰি কহুঁৱাই চকু মেলিলে।
“কানিয়া কালি ৰাতিয়েই আহিলো।তইহে শুই থাকিলি।এতিয়া বস্তু খুজিবলৈ লাজ লগা
নাই তোৰ? উঠ না।এনেই ইমান কম সময়ৰ বাবে আহিছো,তই আকৌ শুই
দেখুৱাইছ।“,মৃণ্ময়ে ক’লে।
“উঠিম নহয়।তই আগতে ক' মোলৈ কি আনিছ?আৰু এইবাৰ মোক মাগুৰি বিললৈ চৰাই দেখুৱাবলৈ নিবি নাই ক’।মই কেমেৰাটো লুকুৱাই থৈছোঁ।তই নিলেহে উলিয়াই দিম।” কহুঁৱাই লেনিয়াই কৈ উঠিল।
“লাজ নাপাৱ নিলাজ? চা তোৰ চকুত ফেঁচকুৰি লাগি আছে আৰু নাকৰ পাহিত সেইবোৰ
কি লাগি আছে ক’লা ক’লা?আগতে এইবোৰ ধুই মেলি চাফ-চিকুণ হৈ ল।তাৰপাছত হে
দিয়া-লোৱা কামটো হ’ব।“,মৃণ্ময়ে হাঁহি হাঁহি ক’লে।
কহুঁৱাই গাৰ লেপখন পেলাই এইবাৰ ককায়েকলৈ চোঁচা ল’লে।
“বাবা দেউতাৰে মেজিৰ গুৰিত কাঠ-আলু পুৰিছে।তোক মাতি আছে যা আকৌ।মাজনী তই
উঠিবি নে মই যাব লাগিব?”,মাকৰ আকস্মিক কিন্তু প্রত্যাশিত চিঞৰটোত দুয়োৰে
দবৰা-দবৰি যুজখন আৰম্ভ হোৱাৰ ঠিক প্রাক-মুহূর্তত থমকি ৰ’ল।ভনীয়েকক আকৌ
এটা ঠেলা দি মৃণ্ময় বাহিৰ পালেগৈ।
সিহঁতৰ সৰু চোতালখনতে এইবাৰো দেউতাকে সৰু মেজি এটা সাজিছে । চুবুৰিৰে
ডেকা খুৰা,গগৈ নিচাদেউ আৰু ৰাজবংশী মামাহঁত আহিছে মেজি সেৱা কৰি বিহুৰ
পিঠা-লাৰু খাবলৈ।সিহঁতৰ ঘৰৰ কাষৰে জৈন আংকল আৰু টোডীজীও আহিছে।আটাইকেইজনে অকণমানি মেজিটোৰ চাৰিওফালে বহি কথাৰ মহলা মাৰি আছে।মকৰ সংক্রান্তিৰ পুৱাটোৰ সতেজ ৰ’দখিনিত জ্বলি থকা মেজিটোৰ ধোঁৱাবোৰে নাচিব ধৰিছে।দৃশ্যটো দেখি মৃণ্ময়ৰ মনটো ভাল লাগি গ’ল।গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ বাৰ ঘণ্টাৰ ঠাইত উনৈছ ঘণ্টাৰ দীঘলীয়া বাছ যাত্রাৰ বিৰক্তিখিনি যেন সিহঁতৰ চোতালৰ
দৃশ্যটোৱে একে পলকতে মচি দিলে।
“হো ল’ এইখন আৰু এইখিনি জুইত দি সেৱা এটা কৰ।“,মৃণ্ময়ৰ কান্ধত নতুনকৈ
ভাঁজ খোলা গামোচা এখন আৰু হাতত তিল আৰু চাউল অলপ গুজি দি মাকে ক’লে।
আঠুকাঢ়ি সেৱাটো কৰিবলৈ লওঁতেই তাৰ পকেটৰ মোবাইল ফোনটো বাজি উঠিল।লৰালৰিকৈ অগ্নি দেৱতাক সেৱা কৰি সি ফোনটো উঠালে।লগৰ অবিনাশৰ ফোন।অবিনাশৰ সৈতে কথা পাতি উঠাৰ পাছতে অলপ আগতে ফৰকাল হৈ থকা মৃণ্ময়ৰ মুখখন অন্ধকাৰ হৈ থাকিল।
“কি হ’ল?কাৰ ফোন আছিল?”,তাৰ মুখৰ পৰিৱর্তন দেখিয়ে মাকে উৎকন্ঠাৰে সুধিলে।
“চাচোন এই সংগঠনবোৰৰ কাৰবাৰ!কালি যে উঠাই লৈ গৈছিল ল’ৰাটো,তাৰ ডেডবডি আজি পুৱতি নিশা পুলিচ থানাৰ সন্মুখত পেলাই থৈ গৈছে মিলিটেৰীয়ে।দুটামান সংগঠনে
মিলি প্রতিবাদৰ নামত কাইলৈ চৌব্বিশ ঘণ্টীয়া অসম বন্ধ দি দিলে।“মৃণ্ময়ে
ককর্ষ মাত এটাৰে ক’লে।
“অহ...!পিছে তই ইমান খং কিয় কৰিছ?”,আচৰিত হৈ মাকে মৃণ্ময়ক সুধিলে।
“আৰে তহঁতে বুজা নাই নেকি?কাইলৈ অসম বন্ধ মানে মই আজি গধূলিয়ে গুৱাহাটীলৈ
ঘূৰিব লাগিব।সোমবাৰৰ চেমিনাৰখন মই কোনোপধ্যে মিছ কৰিব নোৱাৰো।“,মৃণ্ময়ে
অলপ ডাঙৰকৈয়ে ক’লে।কিবা এটা অজানা উত্তেজনাত সি অলপ কঁপি উঠিছে।
“উগ্রপন্থীৰ গুলিয়াগুলি,ৰাইজৰ পথ-অৱৰোধ,অসম বন্ধ আৰু কি কি নহ’ল
এইকেইদিনতে?বিহুটোও ভালকৈ উপভোগ কৰিব নিদিয়ে এইচবে।আজিয়ে যাবই লাগে যদি মই কালি আহিছিলো কিয় উনৈছ ঘণ্টা বাছত বহি?”,একে উশাহতে আকৌ কথাখিনি কৈ সি গো-গোৱাই ঘৰৰ ভিতৰ সোমাবলৈ ঘূৰিল।ঘৰলৈ আহিবলৈ লোৱাৰে পৰা ঘটি থকা বেমেজালিবোৰলৈ তাৰ হঠাৎ এক বুজাব নোৱাৰ খং উঠি আহিল।
মেজিটোলৈ পিঠি দি এখোজ দিয়ে সি ৰৈ দিলে।তাৰ সন্মুখত এয়া ভনীয়েক কহুঁৱা ৰৈ আছে। লৰালৰিকৈ গা ধুই তায়ো মেজি সেৱা কৰিবলৈ আহিছে।থমকি ৰৈ ভনীয়েকলৈ চাওঁতেই তাইৰ দুচকুৰে চকুপানী বৈ আহিল।মৰমৰ ককায়েকটো আজিয়ে যাবগৈ বুলি তাই সপোনটো ভবা নাছিল।
“তোৰ আকৌ কি হ’ল?”,খং মিহলি মাতটোৰেই মৃণ্ময়ে তাইক সুধিলে। আচম্বিতে
এনেকৈ বিহুৰ দিনটোতে ঘৰ এৰি যাবলগা হোৱাত উঠা তাৰ খংটো কহুঁৱাক দেখি ক’ব
নোৱাৰাকৈ বাঢ়ি গ’ল।
“ক’ত কি হোৱা দেখিলি?চাওঁ আগৰ পৰা আতৰ।মেজিৰ ধোঁৱাই চকুত ধৰিছে মোৰ ।“, আজলি কহুঁৱাই গহীনাই কথাখিনি কৈ ককায়েকৰ পৰা চকু আঁতৰাই সেৱা কৰিবলৈ আঠুকাঢ়ি বহিল।মৃণ্ময়ৰ খং উঠা দেখি গহীন হৈ পৰা দেউতাকহঁতৰ মুখ কেইখন তাই এবাৰ চাই ল’লে।অলপ সময় মনে মনে থাকি কহুঁৱাই এইবাৰ মেজিটোলৈ চাই কান্দি দিলে।
__________________________________________________________________________________
বিশেষ
আন্ধাৰৰ মাজতে কহুঁৱাই দিনটোৰ কথাবোৰ মনৰ
ক’ৰবাত তাই দেখা নোপোৱাকৈ লুকুৱাই থ’বলৈ আপ্রাণ চেষ্টা কৰি আছিল।নয়নৰ তাইৰ ফালে চাই মৰা
হাঁহিটো,তাইৰ লগত দিনটোৰ ছঘণ্টা একেলগে কটোৱা হিয়াই তাইক হঠাতে অচিনাকীৰ দৰে আচৰণ
কৰাটো,গৌতম চাৰে কিবা ক’ব খুজিও একো নোকোৱাটো
এই সকলোখিনি বাৰে বাৰে তাইৰ মনলৈ আহি আছে ।একোবাৰ বাগৰ সলাই,একোবাৰ চকুদুটা জোৰেৰে
মুদি তাই যিমানে কথাবোৰ পাহৰিব খুজিছে সিমানে বেছিকৈ মনলৈহে আহি আছে। লাহে লাহে
তাই অতিস্থ হৈ পৰিছে।ঘৰৰ আটাইৰে মৰমৰ কহুঁৱাজনীৰ খং এটা উঠি আহে।
“হে
ভগৱান আজিৰ দিনটো যদি মোৰ জীৱনৰ পৰা গায়ব কৰি দিব পাৰিলোহেঁতেন...।“তাই ক’ব নোৱাৰাকৈয়ে কৈ
উঠে।
“পাগলী
কি গায়ব কৰ ঐ?”
আন্ধাৰৰ মাজতে কথাষাৰ শুনি তাই খপজপকৈ উঠি
বহে আৰু লগাতকৈ বেছি ডাঙৰকৈ কৈ উঠে,”মাথা
নাখাবি।এনেই মোৰ আজি খং উঠি আছে।“
এইবাৰ আগন্তুকে লাইটটো অন্ কৰি তাইৰ
সন্মুখত বহেহি। কহুঁৱাই সদায় তাক এনেকৈ কয় কিন্তু কোৱাঁৰ ধৰণটো সময় আৰু পৰিস্থিতি
অনুযায়ী সদায় বেলেগ হয়।সি বুজি পায়।ভনীয়েকৰ উশাহটো শুনিও সি কৈ দিব পাৰে তাইৰ মনৰ
অৱস্থা।
“কি
হ’ল ক এতিয়া।“পোণেপোণে মৃন্ময়ে তাইক সোধে।
“আজি
স্কুলত বেয়াকৈ লাজ পালোঁ।“কহুঁৱাই লাহেকৈ
কয়।“চালা এডভান্স মেথচ্ ত অকল ৯ পালো ২০ৰ
ভিতৰত।নয়নে ১৯ আৰু হিয়াই ২০ পাইছে।মই কম পাম বুলি জানিছিলোৱেই কাৰণ মই এতিয়ালৈ
বিষয়টোত ভালকৈ সুমুৱাই নাই।নেক্সট পৰীক্ষাটো ভালকৈ দিম বুলি ভাবি থৈছিলো।কিন্তু
আজি নয়ন আৰু হিয়াই কিয় এনেকুৱা কৰিলে ভাবি পোৱা নাই।সিহঁতে নিজৰ নম্বৰবোৰ পোৱাৰ
পাছত বাকী সময়খিনি মোৰ সৈতে অচিনাকীৰ দৰে ব্যৱহাৰ কৰিলে।আৰু গৌতম ছাৰেও মোক একোৱেই
নক’লে।কিয় বেয়া হ’ল,কি বুজা নাই এবাৰটো সুধিব পাৰে।বৰ অশান্তি লাগি আছে অ’।”একে উশাহতে
কথাখিনি কৈ কহুঁৱা ৰ’ল কাৰণ ইমানপৰে
তাইক অশান্ত কৰি ৰখা কথাখিনি ককায়েকৰ আগত কওঁতে তাই অজানিতে উচুপি উঠিল।
মৃন্ময় অলপ সময় মনে মনে ৰ’ল।ভনীয়েকজনী এনেকুৱাই তাৰ।কিবা এটা হ’লেই তাৰ আগত কৈ চকুপানী নুটুকিলে তাইৰ নহ’বই একো।কহুঁৱা এইবাৰ তাৰ কাষ চাপি আহি ভালকৈ বহিল।
“জান
দাদা, মই ভাবি আছিলোঁ ক্লাছত মোৰ বহুত সন্মান
আছে।কিন্তু আজি এটা বিষয়ত কম নম্বৰ পাই মই বুজি উঠিলো, মই বহুত ভাল নম্বৰ পালেহে দুনিয়াখনত মই আছোঁ।নহ’লে কোনেও পাত্তাই নিদিয়ে।“এইবুলি
কৈ কহুৱা এইবাৰ বেছি গহীন হৈ পৰিল।
মৃন্ময়ো এইবাৰ গহীন হ’ল।
“শুন
পাগলী, আজি এটা পৰীক্ষাত তই কম নম্বৰ পালি বাবেই তোৰ লগত অনবৰতে ছাঁৰ দৰে লাগি থকা বন্ধু-বান্ধৱীবোৰ অচিনাকি
হৈ পৰাত তই দুখ পাইছ।কিন্তু চা, জীৱনৰ ভাল সময়খিনিৰ লগতে দুখৰ সময়খিনিটো যি তোৰ
কাষে কাষে থাকিব নোৱাৰে সেইজন জানো তোৰ আচল বন্ধু? গতিকে
এই ফাল্টু কথাবোৰত নিজৰ মনটো বেয়া কৰি নাথাকিবি।সিহঁতক অলপ সময় দে।লাহে লাহে সকলো
আকৌ সহজ হৈ পৰিব।মাত্র তই বুজি থ’ কোন তোৰ আচল
বন্ধু আৰু কোন নকল।বুজিলি পাগলী ?”, মৃণ্ময়ে ক’লে ।
কহুঁৱা এইবাৰ অলপ শান্ত হ’ল।তথাপিও তাইৰ গোটেইখিনি অস্বস্তি মাৰ ন’গল।গাৰুটোত ভুকু এটা মাৰি তাই পুনৰ কান্দোন মিহলি মাতটোৰে
কৈ উঠিল,”আৰু গৌতম ছাৰে মোক কিয় একোৱে নক’লে?অন্ততঃ কিয় বেয়া হ’ল
সুধিবটো পাৰে।“
“আঁকৰী তোক ছাৰে কি চিনি নাপাই নেকি? তই যে এই নম্বৰ কম
পোৱা ঝটকাটোতে শিকিবলগীয়াখিনি শিকি ল’বি
ছাৰে জানে।সেয়ে একো নকলে তেওঁ।এতিয়া ব’ল,মায়ে
চাহ খাব মাতিছে“,মৃন্ময়ে মৰমেৰে ক’লে।
চাহৰ নাম শুনি কহুঁৱা সচকিত হ’ল।তাই ঘড়ীটোলৈ চকু দিলে।৫বাজি ১৫মিনিট।তাৰমানে আবেলি স্কুলৰ
পৰা আহি তাই ইমানপৰে অকল ট্রেজেদিয়ে ফালিলে।ককায়েক নহা হ’লেটো তাই এইবোৰ ভাবি ভাবি আৰু সময় নষ্ট কৰিলেহেঁতেন।হাৱাই
চেন্দেলজোৰ চোঁচৰাই চোঁচৰাই তাই পাকঘৰ
পালেগৈ।
“
মা চাহ দে। ”, এইবুলি কৈ কহুঁৱা টিভিৰ সন্মুখত বহিল।ওপৰে
ওপৰে চেনেলবোৰ পকাঁই পকাঁই একে সময়তে বহু কথা একেলগে ভাবি ভাবি তাই এতিয়া চাহ খাব।চাহ মানে অকণমান চাহপাত মিহলাই দিয়া গৰম
গাখীৰ।তাৰপিছত তাই পঢ়া টেবুলত বহিবগৈ।
মাকলৈ চাই কাম হৈ গ’ল বুলি ইংগীততে কিবা এটা কৈ মৃন্ময়ো কাষতে বহিলহি।সি একাপ
কাঢ়া চাহ খাব।কহুঁৱাৰ দৰে তাৰ ভাষাত অদ্ভুত সোৱাদৰ বস্তুবোৰ খোৱাৰ অভ্যাস তাৰ নাই।
১৪বছৰীয়া এই কহুঁৱা নামৰ কিশোৰীজনীৰ বাবে
ককায়েক যেন সকলো প্রশ্নৰ শুদ্ধ উত্তৰ।এক কথাত ক’বলৈ
গ’লে তাইৰ সৰু কিন্তু তাই অকলে চম্ভালিব
নোৱাৰা জীৱনটোৰ সকলো সমস্যাৰ একমাত্র আৰু বিশ্বাসযোগ্য সমাধান সি। মাকো কহুঁৱাৰ
এজনী ভাল বান্ধৱী।আজৰি সময়ত তাই মাকৰ সৈতে ফুল ৰুৱে,পাকঘৰৰ কাম কৰে,সৰু ছোৱালী
এজনীৰ দৰে আব্দাৰবোৰ ধৰে। এই সকলো ভালগাবোৰৰ মাজতো নয়ন আৰু হিয়াৰ দৰে লগৰ
লৰা-ছোৱালীবোৰৰ আচৰিত ব্যৱহাৰবোৰে,তাইৰ ধুনীয়া আখৰবোৰৰ কাষত কেশৱ ছাৰে
মৰমতে আঁকি দিয়া ফুলটো দেখি হিয়া গম্ভীৰ হৈ যোৱাটোৱে,শ্রেণীকোঠাৰ পৰিবেশটো
গ্রাস কৰি পেলোৱা নয়নহতঁৰ প্রতিযোগিতাৰ মনোভাৱটোৱে আৰু কোনোবাই তাইক হঠাৎ বেয়া পাই
যাব বুলি অনবৰতে লাগি থকা ভয় ভয় ভাৱটোৱে তাইৰ মনটো কোঁচ খুৱাই নিয়ে...।স্কুলত সদায়
লগপাই থকা লগৰবোৰক তাই কিমান ভালপাই অথচ
তাইৰ প্রতি যেন এটা জেদভাৱ সদায় সিহঁতৰ মনত আছে।এইযে শ্রেণীত কহুঁৱা সদায় প্রথম
হয়,শান্ত আৰু ধীৰ স্বভাৱৰ বুলি শিক্ষকসকলে তইক খুব মৰম কৰে,এইবোৰেই নেকি
কাৰণ?কথাবোৰ ভাৱি ভাৱি তাই প্রায়ে অন্যমনস্ক হৈ পৰে।
এডভান্স মেথচ্ ত কম নম্বৰ পোৱা ঘটনাটোৰ তিনিমাহ
পাৰ হৈ গৈছে।নয়ন আৰু হিয়াই সেইদিনটোৰ পাছদিনাৰ পৰাই তাইৰ স’তে স্বাভাৱিক আচৰণ কৰি আছে।মাথো কহুঁৱাইহে কথাবোৰ সহজভাৱে ল’ব নোৱাৰে।তাই যেন আগতকৈ আৰু অলপ সংকুচিত হৈ পৰিছে।স্কুলত
থকা সময়খিনিৰ বাহিৰে বাকী সময়খিনি তাই সিহঁতক প্রায় উপেক্ষা কৰি চলে।কিতাপ,গানৰ
কেছেট আৰু মৃন্ময়ৰ সৈতেই যেন তাইৰ এখন
ধুনীয়া পৃথিৱী।এই ধুনীয়া পৃথিৱীখনতে যেন তাই বেছি সুৰক্ষিত।
ককায়েকলৈ ৰৈ ৰৈ আজি কঁহুৱা অস্থিৰ হৈ পৰিছে
।তাই স্কুলৰ পৰা আহি পোৱাৰ আগেয়েই সি টিউচনলৈ ওলাই গৈছে।আহি পাবৰ সময় হৈছে যদিও সি
আহি পোৱা নাই।
“পাগলটোৱে
আজিহে ইমানদেৰি কৰিব লাগেনে?”, ঘড়ীটোলৈ চাই চাই
তাই নিজকে কৈ উঠে।
এনেতে এটা শব্দ শুনি তাই হাঁহি দিয়ে।সেয়া
ককায়েকৰ চাইকেলখনৰ শব্দ।
দৌৰি
বাহিৰ ওলাই তাই মৃন্ময়ক কৈ উঠিল“অ’ই ইমান দেৰিৰ পৰা তোলৈ ৰৈ আছোঁ । মস্ত
খবৰ আছে।আহ ৰুমলৈ।"
মৃন্ময়ক তাই প্রায় চোঁচৰাই নিয়াৰ দৰেই ভিতৰলৈ
নিলে। এইবাৰ তাই মৃন্ময়ৰ হাতত পাৰ হৈ যোৱা ছমহীয়া পৰীক্ষাটোৰ উত্তৰবহী এখন তুলি
দিলে।বহীখন এদভান্স মেথচ্ ৰ।মুঠ ১০০নম্বৰৰ ভিতৰত ৯৮ পাইছে তাই।
“কিবা এটা ক
আকৌ।”,কঁহুৱাই ক’লে।ককায়েকৰ পৰা কিবা
এটা ভাল কমেন্ট শুনিবলৈ তাই উদগ্রীৱ হৈ পৰিছে।
“পাগলী মই
কিডাল কৈ ফালিবলৈ আছে? তই এইবাৰ উৰুৱাই দিবি বুলি মই মাক কৈ থৈছিলোৱেই।মই
তোক ৰাস্তা দেখুৱাই নাথাকিলে ক’ত তই এনেকৈ এবাৰ ফেইল মৰা
পেপাৰ এখনত ইমান ভাল কৰিব পাৰিলিহেতেঁন?”, মৃন্ময়ে ভনীয়েকৰ
চুলি কেইডালমান টানি কৈ উঠিল।
তাৰো ভাল লাগিছে।ভনীয়েকজনীয়ে এইদিনটোৰ বাবে
যোৱা তিনিমাহে কৰা যত্নখিনি সি দেখিছে।
“মোৰ চব ভাল
কামতে ক্রেডিট লোৱাৰ অভ্যাস কেতিয়া যাব তোৰ? তোলৈ বাৰু মই
পকেটমানিৰ পইচা বচাই Kwalitywall’s ৰ black desertআইচক্রিম আনিম।কিন্তু...”ক’বলৈ যেন কিবা এটা এতিয়াও বাকী আছে এনে ভাৱত কহুঁৱা
মনে মনে ৰ’ল।
“হ’ল এইজনীৰ আকৌ নতুন সমস্যা।ক আকৌ কি ক’ব খুজিছ।“এইবুলি কৈ মৃণ্ময় অলপ গহীন হ’ল।মৰমৰ এই পুতলাজনীৰ
উশাহটোলৈকে চিনি পাই সি।
কঁহুৱা অন্যমনস্ক হৈ থাকিল।
“পাগলী ক’বিনে?”সি এইবাৰ তাইৰ বাহুত লাহেকৈ হেচুঁকি দিলে।
“মানে তই খং নকৰিবি হাঁ।মোৰ মানে এটা ডাউট এতিয়াও আছে।মই বাৰু ভালকৈ পঢ়ি,
যত্ন কৰি এই কম নম্বৰ পোৱা বেছি নম্বৰ পোৱা ধৰণৰ প্রব্লেমবোৰ সমাধান
কৰি ল’ম।কিন্তু কেতিয়াবালৈকে মই বিচৰাধৰণৰ বান্ধৱী এজনী
পামনে?তোৰ ইমান ভাল ভাল বন্ধু আছে আৰু সেয়ে তই সদায় ঘৰৰ বাহিৰতো মুকলি মনেৰে থাকিব
পাৰ।মই কি সদায় সেই হিয়াহতঁৰ লগতে কামোৰ খাই থাকিব লাগিব নেকি?”কহুঁৱাজনীয়ে তাইৰ স্বভাৱসুলভ সৰলতাখিনিৰে কৈ উঠিল।
ককায়েকক তাই কি কি যে সুঁধি নাথাকে।কথাখিনি
কৈ তাইৰ অলপ লাজ লাজো লাগিল।
“পাগলী তই
সচাঁই পাগলী।বান্ধৱী পোৱাৰ সময় উকলি যোৱা নাই নহয়।এতিয়া তই পঢ়া-শুনাত মন
দে।ভালপোৱা কামবোৰ কৰ।নিজকে কলুসতাবিহীনভাৱে উপযুক্তকৈ গঢ় দে।তোৰ জীৱনত এটা বিশেষ
দিন আহিবই যিদিনা তই মনে বিচৰা বন্ধু বা বান্ধৱীজনী পাবি।সেইদিনটোলৈ তই ভালকৈ
আগুৱাই যা।এনেকৈ আগুৱাই যা যে তয়ো তাইৰ বাবে বিশেষ হ’ব পাৰ
যেনেকৈ তাই তোৰ বাবে হ’ব।“মৃণ্ময়ে ক’লে।নিজতকৈ ৬বছৰ সৰু ভনীয়েকজনীক সি এইবোৰ কথাওযে ক’বলগা
হয় কোনেওটো বিশ্বাস নকৰিব।সি এইবাৰ পৰিবেশটো পাতল কৰাৰ মনেৰে কহুঁৱাৰ পিঠিত ভুকু
এটা মাৰি ক’লে,”এতিয়া এইবোৰ বাদ দে।ব’ল টি.ভি. চাওগৈ।“
ভুকুটো খাই কহুঁৱাই আনদিনাৰ দৰেই মা বুলি
এনেই চিঁঞৰি দিলে ।তাই ভালকৈ জানে,মাকে আজিকালি এইধৰণৰ চিঞৰবোৰলৈ কাণ
নিদিয়ে।ককায়েকৰ পাছে পাছে বহাকোঠালৈ এখোজ দি কহুঁৱা আকৌ ৰৈ দিলে।
“তই গৈ
থাকচোন।মই ১মিনিটত গৈ আছো”,তাই ককায়েকক ক’লে।
কহুঁৱা প্রায় লৰ মাৰি পঢ়া টেবুলখনৰ কাষলৈ গ’ল।কবিতা লিখা তাইৰ গোপন নোটবুকখন কিতাপ এজাপৰ তলৰ পৰা উলিয়াই তাই এখন্তেক
কিবা ভাবিলে আৰু কলমটো তুলি একে উশাহতে লিখি পেলালে,
“হিয়াৰ কুঁকিত
সযতনে সাঁচি থ’ম তোমালৈ,
এআকাশ তৰালিৰ মৌসনা
হাঁহি...।
আলফুল হাতত আজলি ভৰাই
বুটলিম
বিশ্বাস আৰু আস্থাৰ
মিঠা সুৰভি...।
বিশাল পৃথিৱীখনৰ উদাৰ
এটি কোণত এদিন
দুয়ো দুয়োৰে বাবে
বিশেষ হ’ম আমি।“