কেতিয়াবা শব্দহীন হ'ব
খোজো
অগনন অভিমানৰ ভৰত
যেতিয়া কথাবোৰ অকথ্য হৈ
পৰে।
কেতিয়াবা জোনাকৰ বোকোচাত
কিছুপৰ নিৰলে জিৰাব খোজো
দৈনন্দিন জীৱনৰ বাস্তৱিকতাত
যেতিয়া সপোনবোৰে অনিস্ছাস্বত্তেও
দহি মৰিব খোজে।
ক্ৰমাৎ অশৰীৰী ৰূপ ধৰা
আবেগানুভূতিবোৰক
কেতিয়াবা আতোলতোলকৈ তুলি
ধৰাৰ প্ৰয়াস কৰো
কিজানি সংগোপনে মনে মনে
মোৰ মনেও কাৰোবাৰ ওঁঠত
হাঁহি বিয়পাব বিচাৰে।
কংক্ৰিটৰ এই জীৱনত
হেৰাই যোৱাত অভ্যস্ত হ'ব
নোখোজো কেতিয়াবা
ফুল হৈ ফুলি সুবাস হৈ
উৰি ফুৰাৰ হেঁপাহবোৰ
যেতিয়া ৰৈ যায় কেতিয়াবা।
সেয়ে কিজানি থমকি ৰ'ব
খোজো কেতিয়াবা
এটা উশাহৰ পৰা আনটো উশাহৰ
বাটতে
যানোচা কেনেবাকৈ নিজৰে
অচিনাকী হৈ যাওঁ কাহানিবা।