কথন...



কথা আছিলনে
অসীমৰ তৃষাত সীমা হেৰুওৱাৰ?
কথা আছিলনে
পৰিচয় আঁকিব খোজা কেনভাঁছত ঠিকনা হেৰুওৱাৰ?

মনত পৰেনে
বিজ্ঞাপনৰ পৃথিৱীত আশাবোৰ পপীয়া তৰা কেতিয়াৰ পৰা হ’ল
হিচাপ ৰাখানে
চাবলৈ পাহৰা আকাশৰ তলেৰে
কিমানবোৰ ঋতু বাগৰি গ’ল?

তুমি নাভাবা
খবৰো নাৰাখা
তুমিটো হেৰাই যোৱাত অভ্যস্ত হ’লা...!