ব্যংগ...


এই যে
সেউজীয়া হাঁহিত মতলীয়া পাহাৰখন খহাই নমা বৰষুণজাক
আকাশখন তাতে ভাগি পৰিল
গতিময়তাত স্তব্ধ বিশৃংখল আৱেগবোৰ
জোনাকখিনি তাতে মৰহিল
অক্লান্ত হেঁপাহৰ  দুৰন্ত এই গতি
বসন্তৰ মাদকতাখিনিৰো  তাতে যত চব বিসংগতি।

আইতাৰ সোলা মুখৰ সেই বাখৰুৱা হাঁহি
তেওঁৰ হাতৰ মিহি খাৰু দুপাতত সৰল শৈশৱ-ল’ৰালি
সম্ভাৱনাৰ বুলনিত কৈশোৰ-যৌৱনৰ মুহূর্ত্ত জোনালী
সপোন আছিল বাবেইতো আছিল সপোনবোৰ সোনালী....

এতিয়া বতৰৰ দৰেই সলনি হৈ পৰা  ফ্রেমত আৱদ্ধ এখন ছবি
আকাশহীন, জোনাকবিহীন
আৰু কিজানি বসন্তহীন.....

সুখৰ দোতাৰাৰ মাতত বিমুগ্ধ হ’ব খোজা কিছু মোলান পৰা ৰং
জোনাকী পৰুৱাৰ হাঁহি বিচাৰি বহু ক্ষয়িষ্ণু পল
অকণ অভিমান
অলপ খং
সোঁতে সোঁতে আগুৱাইও থমকি ৰোৱা
জীৱন হ’ব খোজা এটা জীৱন...