তথাপিও...


কিজানি এদিন
তোমাক কবিতা এটিতে তলাবন্ধ কৰিম
তাৰপাছত...
মন গ’লেই তুমি নামৰ দুখটোত এটোপ-দুটোপকৈ খহিবলৈ
চাবিটো ক’ৰবাত থৈ পাহৰিম।

কিজানি এদিন
সেউজীয়াবোৰলৈ আকৌ বাট বুলিম
আবেলি এটাৰ কোলাত উঠি  
পুৰণি গানবোৰত পুনৰ চুমুক দিম।
সন্ধিয়াৰ বিষণ্ণতাবোৰো  
কিজানি এদিন
স্নিগ্ধ জোনাকত উটি যাব ক’ৰবালে
নদী হৈ সাগৰ এখনত জাহ যাবলৈ...
বৈ যোৱা  সময়খিনিৰ অজুহাতত হ’লেও
উশাহত থিতাপি লোৱা  হুমুনিয়াহটোও নোহোৱা হ’বনে
হেৰুৱাই পেলোৱা চাবিটোৰ দৰে
কোনোবা এদিন?

শিলত খোদিত ৰেখাৰ দৰে অবিচল অভিমানবোৰ
প্রকাশহীনতাত জুৰুলা প্রতিজ্ঞাবোৰ
মন্দিৰৰ ঘন্টাধ্বনিৰ দৰে পৱিত্র অনুৰাগবোৰ
সূর্যৰ দৰে সত্য সময়বোৰ
মুহূর্ত্তৰ স্থৱিৰতাত অমৰ হ’ব কোন?