সন্ধ্যাৰাগ


যদি মই হেৰাই যাওঁ,
বিচাৰি নুফুৰিবানে মোক
ডুবি যোৱা বেলিটিয়ে এৰি যোৱা পোহৰকণত
অথবা নিয়ৰে সেমেকাই তোলা পুৱতিনিশাবোৰত?

যদি মই হেৰাই যাওঁ,
ৰৈ নাথাকিবানে
সৰাপাতবোৰ গছকি মই আহিম বুলি?

গলিপৰা জোনাকখিনিক চুব পাৰিবানে
কাষে কাষে মই নাথাকিলে?
কবিতাবোৰ জানো লিখি থাকিবা
কোনোবাখিনিত মই নোহোৱা হলে?

মুহূর্ত্তৰ বিভোৰতাত যটি পৰাৰ ভয়তে
যদিও কথাবোৰ নোকোৱাকৈয়ে ৰ’ল
তুমি আছা বাবেই
হেৰাওঁ বুলিও হেৰোৱা নহ’ল।