স্বৰগম


মেঘৰ বন্দনাৰে তুমি  আৱেগবিহ্বল বৰষা
পাৰিবানে হ’ব
অৰুণোদয়ৰ আশাত ৰচা গীত এটাৰ কথা?

প্রত্যয়েৰে দুবাহু মেলি
তুমি ফেঁহুজালি পৰৰ পুৱতি তৰাটো হোৱা
বিষাদবোৰ সৰি পৰিব দিয়া
দূবৰি  বনৰ  বুকুৰ নিয়ৰখিনিৰ পৰা।

বিষণ্ণতাৰ পোছাকজোৰ সোলোকাই
তুমি সম্ভাৱনাৰ জোনাকত ৰচা কবিতা এটি হোৱা
পোহৰ বিলাবলৈকে ফুলি উঠিব তেতিয়া
বন্দনাৰ প্রান্তত ফুলা  জাতিষ্কাৰ ফুলপাহ।