নিৰপেক্ষ


পৰিসৰত আৱদ্ধ ৰুক্ষ সময়
ছায়াছন্ন জীৱনত পোহৰ বিচাৰি হাহাকাৰ
কোনে জানে,
কেনি লুকাল বাট সেউজীয়াৰ...

আকাশ এখনৰ আজন্ম তৃষাত
বিৱর্তিত ইতিহাস
উকাঁ কেনভাছত ৰঙহীনতাৰ আর্তনাদ
ত হেৰাল পোৱা-নোপোৱাৰ নির্ভুল হিচাপ?

ধ্বংসস্তুপৰ দুৱাৰদলিত কেৱল ধূলি আৰু বিষাদ
সুধিলেই কোৱা যায়নে,
কিয় মৰহি যায় সূযোর্দয়লৈ হেঁপাহ?