নাহিবি বৰযুণ


ভাগৰুৱা সন্ধিয়াটোত সদায় কিয় আহ
আপদীয়া বৰষুণ
জিৰজিৰ বতাহজাকক ছন্দহীন কৰি
কিয় জুৰ একেটি গীত গুণগুণ?

বিষণ্ণতাৰ হেঙুলীয়া আবেলিত
লয়লাস আঁচল মেলি নাহিবি
হেঁপাহবোৰেৰে ওমলো বুলি
অস্তাচলৰ ছাঁ-পোহৰৰ বেমেজালিত
তোলৈ ৰৈ নাথাকো আজিকালি।

সেউজবুলীয়া সপোনবোৰ একোবাৰ আঁকি,
একোবাৰ মোহাৰি ৰং চোৱাৰে পৰা
ভালো নলগা হৈছে তোক
লেতো নুবুজ,
সখী হৈ নাথাকিল তই নমোৱা আকাশখন মোৰ।

এতিয়া উদয়াচলৰ শেষ ৰংখিনিতো কিজানি চকু তোৰ
বিমোৰ প্রহৰৰ চিৰলগৰী চকুলোখিনি হৈ ববলৈ
নাহিবি বাৰে বাৰে
কাঁইটীয়া কান্দোন....!