আলাপ


সখী, ঘৰ এটা সাজিবানে?
দেতাৰ ডাঙৰ ছাটিটোৰে চাল হ
আইতাৰ আশী সূতাৰ দুখন চাদৰেৰে বেৰ
কল্পনাৰ দুৱাৰদলিৰে বগুৱাবাই আমি সোমাই যাম
কণমান পৃথিৱীখন পোহৰেৰে সজাম।

সখী, মাহঁতে ভূ নোপোৱা আবেলি এটাত
কলেজ ৰডেৰে এপাক ফুৰাবলৈ নিবানে?
স্টেডিয়ামৰ কাষৰ ইউকেলিপ্টাছজোপাৰ তলত তুমি এখন্তেক ৰবা
আপোনভোলা হৈ নিজকে এবাৰ কবা
ইমান ধুনীয়া গোন্ধাইছে চা..

পৰশ খুৰাহঁতৰ বাৰীৰ ভগা অটোৰিক্সাখনতো উঠিমগৈ দিয়া
মোৰ বাওঁহাতত এটা ছাটি
সোঁহাতত এজাপ কিতাপ
তুমি ৰুমাল জোকাৰি দ্রাইভাৰ হৈ সুধিবা,
দিদিজী কাহা হেই জানা?
মই পখিলা এটি হৈ কম,
ছপ্নকী দেছ মেই
দুংগী  দছ্ ৰুপইয়া...।