বিষাক্ত


......
আৰু এনেকৈয়ে এদিন জোৱাৰ নামিছিল নদীত
কাহানিও নেদেখা সপোনবিলাকত বিভোৰ হৈ
অনুভৱবোৰ মেলি দিছিলো নীলাৰ সিপাৰৰ আৰু অকণ নীলা বিচাৰি
মোহান্ধই হৈছিলো কিজানি
অভিমানী মনৰ অকঁৰা অহংকাৰবোৰৰ ধুলিসাৎ হোৱাৰ পাছতো
বুজিও বুজিব নুখুজিলোঁ
নীলা বিচাৰি গৈ আচলতে মই
ভঙা কাঁচৰ টুকুৰাৰে হিয়া ৰাঙলী কৰিলোঁ।

তোমাৰ কণ্ঠৰে নিগৰা সকলো শব্দক
মই প্রত্যয়ৰ সাজ পিন্ধাইছোঁ
তুমি ভগাব খুজা প্রতিটো পলকে
আস্থাৰ আঁচলেৰে ছাঁ দি থৈছোঁ
এতিয়া হেৰোৱা আঁত বিচাৰি হাবাথুৰি খোৱাৰ পৰত
মই বিমোৰ,ভংগুৰ
কিজানি দুর্বলো...

কুঁৱলীয়ে সাবটা ছন্দবোৰত এতিয়াও লুকাই আছা তুমি
অনুৰাগেৰে উদ্ভাসিত শিৰোনামবোৰৰ ভৱিষ্যত সেয়ে
আজিও ইমান অনিশ্চিত...
ৰাতিৰ আকাশখনলৈ চাব নোৱাৰো আজিকালি
তুমি জোৱাৰ নমোৱা নদীত হেৰাই থাকিল
জোনাকে ওমলোৱা চোতালত ৰচা কবিতাৰ মালিতা
ইষৎ হাঁহিৰ ফুলেৰে সুৰভিত সুগন্ধি সন্ধিয়া।

প্রাক্-বসন্তৰ প্রার্থনা-গৃহতো
এতিয়া কেৱল আবতৰীয়া মেঘৰ বন্দনা
শীত অতিক্রম কৰিব নোৱাৰাৰ দুখত
সৰাপাতৰ চুবুৰিত পুনৰ কোর্হাল নমোৱাৰ প্রয়োজন কি?