সান্নিধ্য


আন্ধাৰ নমাৰ দুখত ম্রিয়মান আকাশখনক
ধ্রুৱ তৰা এটিয়ে পৰ দিয়ে
তাইৰ বিষণ্ণ দুৱাৰদলিৰ সিপাৰে যেতিয়া
নিয়ৰ বুটলিবৰ বাবেই সি সাৰে থাকে।

সৰাপাতবোৰ গচকি
অস্তমিত আবেলিবোৰত সি প্রতিশ্রুতিবোৰ আঁকে
তাইৰ গালৰ চকুপানীৰ দাগবোৰ
বৰষুণ এজাকে ধুৱাই নিয়ে।

সান্নিধ্যৰ ৰসানুভৱেৰে জীপাল বননি এডৰাত
সি বাট হেৰুওৱা সেউজীয়াবোৰৰ পোহাৰ মেলে।
তাই আকৌ এবাৰ উলাহত নাচি উঠে
ঠিক কহুঁৱা ফুলবোৰৰ দৰে...।

২৬/১২/২০১১