শব্দবোৰৰ আঁৰে আঁৰে
নদী এখন লাজুকী হয়
শব্দবোৰৰ ছন্দে ছন্দে।
শব্দই তুলিকা হাতত তুলি লয়
শব্দই ৰং সানে
শব্দই ছবি এখন আঁকে।
শব্দই ঘৰ এখন সাজে
ঠিকনা এটি সলনি হয়
ঘৰ এখনত শব্দবোৰ ওমলে।
জোনাক হৈ উঠাৰ তৃষা এটি বাঢ়ি আহে
শব্দবোৰৰ ভাঁজে ভাঁজে
তাই কাষ চাপি যায় তেওঁৰ
শব্দ একোটিৰ হেপাঁহতে।