এটি আবেলি,ফাগুনৰ অনুভৱবোৰ সাবটি...


বতাহ এছাটি বৈ আছিল
নাহৰবোৰ অস্থিৰ কৰি
অস্তাচলত লুকাব খোজা নাছিল
আবেলিৰ হেঙুলীয়া হাঁহি
বতাহত কঁপিছিল মোৰ কঁপাহী দোপাত্তা...
হয়তো ফাগুনৰে উন্মাদনা...

লাহেকৈ বা লাগি ধুলিয়ৰী হৈছিল ভাৱনাৰ আকাশ...
সুধিছিলোঁ তেওঁক,
বন্ধ দুচকুৰে অনুভৱ কৰানে
তলসৰা ফাগুনৰ হালধীয়া বিষাদ ?

মাতাল শিমলুবোৰ থৰ লাগিছিল তেওঁৰ মুগ্ধ দুচকুত
তেঁও হাঁহি হাঁহি কৈছিল,
হালধীয়াই নোওৱাইছে দৰদী ধৰণীক...
সেউজীয়াৰ বাতৰি বতাহত সিঁচি
নতুনৰ বৰষুণজাক ফাগুনেইতো আনিব মাতি।