অনুৰণন

আই অ’,
তোৰ আঁচলখনে কষ্ট পাব বুলিয়েই
ঘূৰি নগ’লো।
তই জানো চাই থাকিব পাৰিলিহেঁতেন,
মোৰ সেওঁতাত বন্ধা তেজৰ কৰাল?

ভুল নুবুজিবি আই,
বুলনিত বহুৱাই তই দিয়া শিকনি মই এখন্তেকো পাহৰা নাছিলোঁ
দালান এটাক ঘৰ বুলি মানিব নোৱাৰিও সেয়ে
তোৰ অবাধ্য মই কোনোদিনেই নাছিলোঁ।

কিজানি মোৰেই কপাল নাছিল অ’ আই
যতনেৰে গঢ়া মইজনীক সিহঁতলৈ যাচোঁতে
তহঁতে নাজানিলি
দুৱাৰদলিৰ সিপাৰে যে কাঁইটৰ হাবি এখনো আছিল।

তোৰ আঁচলত ধৰি উচুপি উঠিবলৈ
সিহঁতে কৰা দাবীবোৰত আব্দাৰ নাছিল আই।
মিনা কৰা গহণা গঢ়াই জুৰুলা হোৱা পিতাইক শুনাবলৈ
সিহঁতৰ হেপাঁহবোৰ তই শিকোৱা সাধুকথাও নাছিল।

খং কৰি নাথাকিবি আই...
সেওঁতাত কৰাল বন্ধা তেজৰ দাগবোৰ দেখুৱাই
তোক দুখ নিদিওঁ বুলিয়েই ঘূৰি নগ’লো
তোৰ মদৰুৱা আঁচলটোতে মোৰ হাঁহিটো যদিও থাকি আহিল ।।।