অনামিকা

চিনাকী সুহৃদক হেৰুওৱাৰ দুখত
আন্ধাৰৰ সিপাৰে উচুপি উঠে আকাশে
অবাটে খোজ লৈ জহি পমি যোৱা অন্বেষাৰ সহচর্যত
স্তব্ধ সময়।
নীলাবিলাকৰ বুকুলৈ পুণৰ প্রসাৰিত নোহোৱা হ’ল
তাইৰ দুহাত।
তাইৰ খোজবোৰ গতিশীলতাৰ অভাৱত থমকি ৰয়
আঁৰকাপোৰৰ সিপাৰৰ জটিলতাখিনিত
অসহায়ো তাই...
অসীমত সীমা বিচাৰি ধাৱমান উশাহবোৰৰ অজুহাতত
হিয়াখনে তাইৰ
মিছাতে বাৰে বাৰে কষ্ট পায়...!

চন্দ্রমা কলিতা
২৪/০৩/২০১২