আবেলি

বুকুত এটা আধা-ফুটা সাধুকথা
হিয়াৰ একোণত অকণ ৰং
তাৰেই আঁকিম এখন ছবি ।
বৰষুণজাকৰ ঠিকনা বিচাৰি
তুমি হয়তো আহিবা কোনোবা এদিন।

শেঁতা দুপৰৰ হুমুনিয়াহবোৰ কঢ়িয়াই নিম
আঁচলত উচুপি থকা উদভ্রান্ত সপোনবোৰৰ সৈতে
দিগ্বলয়ৰ কোনোবা এখিনিত
সিহঁতৰ বাবে সমাধি এটা সাজিম।
তোমাৰ আব্দাৰ,তোমাৰ অভিমানবোৰ
সেই সমাধিত ৰুই দিম।

ছিঙো বুলিলেই ছিঙা যায়
সম্পর্কৰ অশৰীৰী এনাজৰী
তুমি দিশহাৰা ন’হবা পিছলৈ ঘূৰি চাব খুজি।
বুকুৰ আধা-ফুটা সাধুকথাটোৰে
হিয়াত বিৰিঙি উঠা ৰংখিনিৰে
তোমাৰ বাবে ছবি এখন আঁকিম
আৰু নিয়ৰ বুটলি বুটলি
চিৰদিনৰ বাবে মই হেৰাই থাকিম।

চন্দ্রমা...