ফুটপাথৰ জীৱন

তন্দ্রালস নিশাবোৰ সিহঁতৰ
সপোনে বুটা বাছি সজাই নোতোলে।
ৰঙা বেলিটোৱে আল্পনা আঁকিবলৈ
সিহঁতৰ পজাঁবোৰত সুৰুঙাৰ অভাৱ নাথাকে।

জহকালিৰ উত্তাপ সাৱটি অভ্যস্ত হোৱা সিহঁতবোৰৰ বাবে
বৰষুণ কেতিয়াও লাস্যময়ী কবিতা নহয়
জুপুৰিৰ তলৰ আভিমানবোৰ য’ত
জীৱনৰ দিয়া-নিদিয়াৰ ধেমালিত ভিজি ৰয়।

চেচাঁ শেতেলিত যেতিয়া নিদ্রাহীনতাৰ নিয়ৰে উচুপে,
আভিজাত্যৰ ওমত লহপহীয়া হোৱা গৌৰৱেৰে
সিহঁতে ক’ব নোৱাৰে,
শীত প্রিয় ঋতু এটাৰ এক অনন্য অভিন্ন নাম।

নগ্ন শৈশৱ
আহত কৈশোৰ
ভগ্ন যৌৱন
আৰু ক্ষুধার্ত মৃত্যু একোটিত সহজে শেষ হয়
মৰুভুমিৰ পংকিলতাই সাৱটা ৰুক্ষ জীৱন।

সিহঁতৰ স্থবিৰ জীৱনৰ ইতিহাস একোটিত
একো টুকুৰা ৰুটি,একোখন কাপোৰেই
অমিয়া মধুৰ শব্দবোৰৰ চানেকি হয়।
নিঃচিন্ত, নিৰাপদ আশ্রয় এটিয়েই
সিহঁতৰ সপোনৰ ঘৰখনৰ নাম পায়।
০৪/০১/২০১২