তুমি কৈছিলা এদিন
হাঁহিটোৰ আঁৰত লুকুৱাব নোৱাৰি
হেৰাই যোৱাৰ বিষণ্ণতাখিনি।
ফেহুঁজালি পৰৰ নিয়ৰত ভিজি ভিজি
মই ভাবি থাকিলো বহুতদিন
এনে হ’বটো নালাগিছিল।
তোমাৰ বাদে সকলোৱে কয়
ঈর্ষণীয় এই জীৱন
চৌদিশে ইমানবোৰ পোহৰ।
তুমি কোঁৱা কথাটো পাহৰিব খুজিও পাহৰিব নোৱাৰোঁ
তথাপিও হাঁহি থাকোঁ।
এতিয়াতো আৰু
নিজক বিচাৰি দিশহাৰা হোৱাৰ অৱকাশ নাই
ভাল-নলগা পোহৰখিনিত কেতিয়াবাই অস্তিত্বহীন হৈ থাকিল
খোলা এটাৰ দুৱাৰেৰে দেখা মুকলি পৃথিৱী।
চন্দ্রমা কলিতা
২০০৯-১০