সম্ভাৱনাৰ পাতনিটো...

ৰঙচুৱা আৰম্ভণী এটিৰে
ক’ব নোৱাৰাকৈয়ে জীৱনেৰে সাঙোৰ খাইছিল
তোমাক সাঙুৰি লোৱা কিছু সময়।

তাৰপাছৰ ভগ্ন নিশাবোৰত
ধুঁৱলি-কুঁৱলি পুৱাবোৰত
বিমৰিষ আবেলিবোৰত
মোক আমনি কৰি থাকিল
বাগৰি যোৱা সময়খিনিৰ অন্ত‍র্নিহিত অর্থবোৰে।

চ’তৰ বৰষুণজাক পাৰ হৈ যোৱাৰ পাছতে
মোৰ দুহাতত তুমি কেতেকী এথোপা গুজি দিয়াৰ কথা আছিল।
কেতেকী বিচাৰি যোৱা হাবিখন ইমানেই গভীৰ আছিলনে
যে তুমি ঘূৰি নহাৰ কাৰণটো
সাথঁৰ এটিৰ দৰেই জটিল হৈ ৰ’ল?

ক’ৰবাত এটা সুৰুঙা থকা হ’লে,
খুটিয়াই চালোহেতেঁন
তোমাৰ বুকুৰ মেৰঘৰৰ ভিতৰখন।
কিজানিবা জোনাকখিনিৰো হাঁহি কাঢ়ি নিব পৰা
সাথঁৰটোৰ অর্থ ভাঙিব পাৰোৱেই....।

আস্থা-অনাস্থাৰ পাক-ঘূৰণিত
প্রথম ভালপোৱাৰ মিঠা অনুভৱবোৰ
ফাকুগুৰিৰ ৰঙৰ দৰেই সানমিহলি হৈ থাকিল।
কথাবোৰ সামৰিবও নিদিলা
জুকিয়াই থৈও নগ’লা।

মৌনতাৰ জুইকুৰাই মোক দহি থকা চাই চাই
আৰু কিমানদিন ভাৱলেশহীন হৈ থাকিবা?
তোমাৰ শপত
মই স্থিৰ হৈ ৰ’ব পাৰিম।
মাথো এবাৰ চকুত চকু থৈ কৈ যোৱাহি
তুমি মেলি থৈ যোৱা সম্ভাৱনাৰ পাতনিটোৰ কথা
মই কাহানিবাই পাহৰি যোৱা উচিত আছিল।