আবেলি এটিত তেওঁ...

সৰাপাতে ৰিঙিয়াই থকা আবেলিটোত
তেওঁ বহু কথা সোঁৱৰে।
আছিলনে কাহানিবা তেওঁ
কাৰোবাৰ ছন্দোবদ্ধ আবেগৰ শিৰোনাম?
হ’ব পাৰিছিলনে তেওঁ
হালধীয়া দোপাত্তাৰে সোনাৰু সিচাঁ
এজনী অনামিকা অথবা সাগৰিকা?

হেমন্তৰ গুণগুণনিবোৰ শুনি শুনি
তেওঁ বাৰে বাৰে ভাবে,
কিহৰ ভয়ত তেওঁ শুনা নাছিল
সেউজ পাতৰ আঁৰৰ সখিয়তীজনীৰ গীত?
কি হেৰুওৱাৰ ভয়ত তেওঁ বুটলিব পৰা নাছিল
পদূলিত সৰা ফুলবোৰৰ পাহি?

খিৰিকিখনৰ সিপাৰেৰে পাৰ হৈ গৈছিল
অলেখ জোনাকী সপোনৰ মিছিল।
স্বপ্নাতুৰ বিহগীজনী হৈও তেওঁ জোনাক চুব নোৱাৰিলে।
বিষাদগ্রস্ত হৃদয়খনিত সদায় শূণ্য হৈ ৰ’ল
বিষন্ন পঁজাটিৰ দুৱাৰ খোলাৰ সাহস।

বাহিৰ ওলালেইযে তেতিয়া নিয়ৰত তিতাৰ ভয়।