বন্ধুলৈ...

আস্থাহীনতাৰ কাঁইটবোৰ গজিব নোৱাৰাকৈ
সদায় চিকুণাই থ’বা
তোমাৰ কাষ পোৱাৰ বাট
সেইবাটেৰে গৈ লগ পাম তোমাক।
মৌনতাৰ সমদলত চামিল হোৱা এটা অপেক্ষা
আশ্বাসৰ প্রান্তত আতোলতোলকৈ গঢ়া আশা
কিজানি এদিন পুনৰ কৈ উঠিম
স্বপ্নাতুৰ ব’হাগে আজিও আনে নতুনৰ বতৰা।
গজালি মেলা ধাৰণাবোৰক মিছা হ’বলৈ দিবলৈ
একোৱেইটো পাহৰিব পৰা নগ’ল
জোনাকৰ আজন্ম প্রত্যাশাৰে
সন্ধিয়াৰ আকাশখনো সেয়ে
তোমাৰ অবর্তমানতো একে ৰ’ল।
স্মৃতিৰ সফুঁৰাটো আলফুলে সাবটি
তুমি ৰৈ থাকিবা।
তুমি চিকুণাই থোৱা বাটেৰেই গৈ
বিচাৰি উলিয়াম তোমাক।