ভূপেন দা তুমি অমৰ হোৱা...

হে’ শিল্পী,
আজি তুমি শিল্প হ’লা।
আৰু সময় সেই অসহায় তুলিকাধাৰী...।
বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,
যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।

কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে
যেতিয়া তুমি মূর্ত হৈছা,
সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।

আভিমানবোৰৰ আঁত হেৰাই গৈছে,
অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,
চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।


অন্তিম শয়নৰ ঠিকনা বিচাৰি
ৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজি
আবেলিৰ অস্তমিত বেলি,
কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি
শীতৰে সেমেকা ৰাতি।

হে’ শিল্পী,
শব্দ যদি ব্রহ্ম হয়,
সেই ব্রহ্মত্বৰ স্বাক্ষৰ হোৱা তুমি।
মৃত্যু যদি শিল্প হয়,
সেই শিল্প হোৱা তুমি।

আৰু,
সৃষ্টি যদি অমৰ হয়,
তেন্তে অমৰ হোৱা তুমি...।

চন্দ্রমা কলিতা