দৈনন্দিন...

আকাশখনত দুই এটি তৰাফুল আজিও ফুলিছিল,
মই নাজানিলোঁ...
পুৰণি সাথঁৰটিকে দোহাৰি জোনবাইজনীয়ে আজিও হাঁহিছিল,
মই উমান নাপালোঁ।

সন্ধিয়াৰ সেই শেৱালি শেৱালি গোন্ধোৱা সময়কণত,
নতুন সপোন এটি অকাঁৰ কথা আছিল,
মই তুলিকা হাতত ল’ব নোৱাৰিলোঁ।

উকাঁ কেনভাছ,শুকাই যোৱা ৰংবোৰ
অস্তাচলৰ হেঙুলিয়াখিনিৰ হুমুনিয়াহত হেৰাই যায়।
দৈনন্দিন কোলাহলবোৰৰ খেলিমেলিত ,
মই পাহৰি থাকো জীৱনক।