কি লিখা যায়
জোনাকৰ চোতালত ৰূপালী হাঁহি নিগৰা সময়বোৰৰ সোঁৱৰণত

কি আছিল মোহাচ্ছন্ন দুপৰবোৰৰ ৰং
কেনে আছিল দু্ৰ্দান্ত আবেলিবেলাৰ গান

প্ৰত্যয়ৰ বাটেৰে ৰাতি হোৱা গধূলিবোৰ
সপোনৰ বোকোচাত খেলি খেলি পুৱা হোৱা নিশাবোৰ

আকাংক্ষাৰ বুলনিত সেউজ হৈ ৰ'ল
সেই পলবোৰ
আজীৱন বন্ধুত্ব উদযাপনৰ দিনবোৰ