কিছু সৰল কথা....


কথাতে উফৰি পৰা কিছুমান কথা
কথাতে লুকাই পৰা কিছুমান কথা
বুজা জানো গ’ল ৰাঙলী হিয়াৰ সকলো গোপন বেথা?

সেই যে হাঁহি এটাৰ হেঁপাহতে বিমুগ্ধ হোৱা এবেলা
দুচকুৰ জোনাকত বন্দী হোৱা সন্ধিয়া
সকলোবোৰ জানো শিলত খোদিত ৰেখা?

স্তুতি হৈ হৃদয়ত চিৰদিন বাজি ৰোৱাৰ উন্মাদনা
নদী হৈ কেৱল বৈ থকাৰে সম্ভাৱনা
প্রতিশ্রুতিৰ দস্তাবেজত যে লিখি থোৱা ন’হল
কাহানিবা এদিন তাঁৰবোৰ ছিঙি নোযোৱাৰ কথা....