এয়া অভিমানশূন্যতাৰ বৰষুণজাকত
পুনৰ তিতিব শিকিছোঁ নতুনকৈ
পাৰাপাৰহীন ৰিক্ততাৰ ধাৰাল সোঁতত ক’ত জানো সুলকি পৰিল
প্রতিশ্রুতিৰ বর্ণিল অলংকাৰ!
এয়া আন্ধাৰৰ আঁচলে পুনৰ কন্দুৱাইছে
পোহৰৰ আৱেশত নিতাল মৰা উচুপনিবোৰক
ঠিকনাবিহীন হৈ ভালপোৱা হাঁহিবিলাক ভালপোৱাৰ অজুহাততে যে আকৌ
তুমি নামৰ অনুভৱ এটাতে বন্দী হ’ল।
এয়া মন আকাশৰ উখল-মাখল সপোনবোৰ পুনৰ পৰিণত হৈছে
প্রার্থনাৰ আলিংগনে বাট হেৰুওৱা মন্দিৰৰ ধ্বংসস্তুপলৈ
ভগা কাঁচৰ টুকুৰাত খোজ দি দি নিথৰ হোৱা ৰক্তাভ হিয়াই
এতিয়া কেনেকৈ ৰৈ থাকে অস্তমিত বেলিৰ সিপাৰে আকৌ জোনাক নমালৈ?
এয়া সাঁথৰ ভঙাৰ প্রয়াসত ব্যস্ত বাস্তৱক
নিলগাই থৈছোঁ
অনুৰাগৰ ডাৱৰে ধূসৰ কৰা যুক্তিহীন চকুপানীবোৰৰ পৰা
ঘূৰি যোৱাৰ বাটটো মনত থকালৈ আৰু আগুৱাই নাহিবা
আকাংক্ষাৰ বালিচাপৰিত বন্ধকত থাকি অহা খোজবিলাকক
এইবাৰ মই মুক্ত কৰি অনাৰ কথা।