গান

তোমাৰ বুলনিৰ অন্ধকাৰখিনিতে হেৰায়
তোমাক আমনি কৰাৰ সাহস
মই মূৰ তুলি চাব নোৱাৰা হঁও
জোনাক জোনাক বুলি মতলীয়া হোৱা আকাশ।
ফাগুনৰ হাত ধৰি সুণাৰু ফুল হোৱাৰ হেঁপাহ
সৰাপাতখিলাৰ আঁৰত লুকায়।
অপেক্ষাত আস্থা হেৰুৱাই আশাই...
অৱশেষত কজলা ৰাতিৰ বৰষুণত
অকলে বিচাৰি যাওঁ
বাট হেৰুওৱা কথাবোৰৰ আঁত
তোমাৰ বুলনিৰ অন্ধকাৰখিনিতে হেৰায়
তোমাক আমনি কৰাৰ সাহস।