তুমি যে নাই

মোৰ অসুখৰ দিনবোৰত আজিকালি
নামঘৰত চাকি এগচি নজ্বলে
তুমি যে নাই...!
পৰিশ্রান্ত উশাহবোৰৰ মাজতে
চুমা এটিয়ে গালত হেঙুলী ৰং নাসানে
তুমি যে নাই...!

ভাৰাক্রান্ত দুপৰবোৰত তোমালৈ মনত পৰে
চেনেহৰ ছায়ালৈ আদৰি নিবলৈ
সেইযে আঁচল পাতি ৰৈয়ে থাকিছিলা বুলনিতে।
বিষণ্ণ ৰাতিবোৰত তোমাৰ ছবিখনে আমনি কৰে
সাধু এটাৰ জখলা বগাই নামি অহা সপোনবোৰেযে
তোমাৰ কোলাতে খুপনি পোতে।

তুমি যোৱাৰে পৰা
জোনাক নিশাৰ চোতালত খোজ দিয়া নাই
ৰঙা বেলিটোলৈ মূৰ তুলি চোৱা নাই
সৰা শেৱালি বুটলি তোমাৰ গোঁসাইলৈ মালা এধাৰি গুঠা নাই।

শূণ্য এটাৰ ভৰত লেবেজান মই
তোমাৰ মমতাময়ী পৰশ পু্নৰ বিচাৰি কাতৰ মই
তুমি গীত গাই গাই নিচুকাই থকা কোঁৱৰীজনী নহওঁ মই
তুমি যে নাই...!