গান


আৰু এতিয়া
অকণ মগন হ’বৰ মন এচেৰেঙা পোহৰ পোহৰ লগা ভাললগাত
বিষাদ নিয়ৰে সেমেকোৱা জোনাকখিনিক নিলগাই থোৱা যাওঁক
নিচাগ্রস্ত হিয়াই ঢুকি পোৱাত

যদিও ৰক্তাভ কলিজাত আতৰ সনা নিৰর্থক
তেওঁৰ অপেক্ষাৰ দোকমোকালিত
ৰ’দ সাৱটিব খোজা হাঁহি এটিৰ ওপজাক্ষণত 
এয়াই বিশেষ আয়োজন হওঁক