স্পন্দনত কিছু ভাললগা



মোৰ বির্মূত অনুভৱত তোৰ চকুলোবোৰ কবিতা হৈ নিগৰে
দোভাগ নিশাৰ জোনাক সাৰে থকা হুমুনিয়াহবোৰত তোৰ
এটুপি নিয়ৰ মোৰ চকুৰেও সৰে।

সখী
ফুল বুটলি ভাগৰ নলগাৰ সময়বোৰত বুটলা ভাললগাবোৰ
এতিয়াও হিয়াত নধৰা হৈয়ে আছে
তোক জানো কাহানিবা অকলে আগুৱাবলৈ দিয়াৰ কথা আহে?

বুকুতে জোন হৈ জিলিকা কিছু অনুভৱৰ মালিতা
জীৱনাকাশৰ যত চব ডাৱৰ
সমিলমিলেৰে আঁতৰোৱাৰ অহমিকা
দুহাতত যদি নথওঁ হাত অবিৰত অনন্ত
নহ’ম জানো মইও
তোৰ সমানেই আধৰুৱা 
এটি ছন্দহীন শব্দৰ সাধুকথা...