অলপ কথন


সৌৱা সেউজীয়াবোৰক পুনৰ ঘূৰাই পঠিয়াইছোঁ
আগুৱাই অহা বাটেৰে
বুলনিৰ আবেলিত পৰি ৰ’ল  হাজাৰ অভিমান আৰু  আব্দাৰ
পশ্চাদমুখী সেউজীয়াৰ বাট নহয় হেনো ইমান সুচল।

সৌৱা গোঁসাইৰ আগৰ কাকূতিৰ দৰে
কলিজালৈকে ভাঁহি আহে
বিমুগ্ধ আত্মাৰ কাতৰ স্বৰ
কিয় গোৱা নাযায় ভালপোৱাৰ গান?

প্রস্থৰ হিয়াখন চেঁচা হয়
আন্ধাৰ বিচাৰি বাটকুৰি বায়
সেউজীয়াই নুবুজে
চাকিৰ তলৰ আন্ধাৰত স্তব্ধ ভালপোৱাবোৰ কেনেকৈ অমৰ হয়
তুমি নামৰ অক্ষয় ভাস্কর্য্য কেনেকৈ নিয়ৰ পৰি জীপাল হয়।

জ্বলি জ্বলি নুনুমুৱাকৈ থাকে
অনন্ত প্রতীক্ষাৰ অনল
বন্ধ দুৱাৰত পৰ দি ৰোৱা সেউজীয়াক কেনেকৈ কোৱা যায়
তুমি অবিহনে কাহানিও তুলি ধৰা নাযায়
কবৰ খান্দি জীয়াই থকা এই জীৱন।